গুৱাহাটী,৬ নৱেম্বৰ : আজি মেলবৰ্ণত টি-২০ বিশ্বকাপৰ ছুপাৰ-১২ৰ অন্তিমখন মেচ খেলিব ভাৰতে। ইতিমধ্যে গ্রুপ-১ৰ পৰা ইংলেণ্ড আৰু নিউজিলেণ্ড ছেমি ফাইনেললৈ গৈছে। আনহাতে গ্রুপ-২ৰ পৰা ভাৰত,বাংলাদেশ আৰু পাকিস্তানৰ মাজত যিকোনো দুটা দলে ছেমিত প্ৰৱেশ কৰিব। এফালৰ পৰা চাবলৈ গ'লে টীম ইণ্ডিয়াই মুঠ ৬ পইণ্ট লাভ কৰি গ্ৰুপ ২ৰ শীৰ্ষস্থানত আছে। দুর্বল দল বুলি ভাবিলেও ছিকন্দ্ৰৰ ৰাজা, মুজাভানি আভাইন আৰু ছীন উইলিয়ামছে যিকোনো মুহূর্ততে টীম ইণ্ডিয়াক বিপদত পেলাব পাৰে।
পাকিস্তানক পৰাস্ত কৰি তেওঁলোকৰ মনোবল বৃদ্ধি হৈ আছে। কে এল ৰাহুল, সূর্যকুমাৰ যাদৱ, কোহলিক লৈ কোনো চিন্তাৰ কাৰণ নাই। টীম মেনেজমেণ্টৰ কাইলৈ ৰোহিত শৰ্মাৰ অধিনায়কোচিত বেটিং কৰিব বুলি আশা। মহম্মদ ছামি, ভূৱনেশ্বৰ কুমাৰ আৰু অৰ্শদীপে কাইলৈ আফ্রিকান দলটোক কেনেদৰে প্ৰত্যাহ্বান জনায় সেয়া হ'ব লক্ষণীয়। বৰষুণ দিলেও ভাৰতৰ একো বিপদ নহ'ব কিন্তু পাকিস্তান-দক্ষিণ আফ্ৰিকাৰ অন্তিম মেচখনৰ ওপৰত নিৰ্ভৰ কৰিব।
Comments