গুৱাহাটী,৬ নৱেম্বৰ:আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচ-কাৱাজ। এইক্ষেত্ৰত থমকি ৰোৱা নাই বি পি এফ দলো । এটা সময়ত বিটিচিত ৰাজ কৰা বি পি এফে পুনৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে । পুনৰ বিটিচি দখলৰ কুচকাৱাজ আৰম্ভ কৰিছে প্ৰাক্তন বিটিচি প্রধান তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে । এইবাৰ কোকৰাঝাৰ আৰু মঙলদৈ লোকসভাৰ আসন দুখনক ট্রাম্প কার্ড হিচাপে লৈ অতি সন্তর্পণে বিটিচিৰ শাসনভাৰ দখলৰ তৎপৰতা আৰম্ভ কৰিছে বি পি এফে । হাগ্ৰামা মহিলাৰীৰ এই তৎপৰতাৰ উমান দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক দুর্গাদাস বড়োৰ ভাষ্যতে পোৱা গৈছে ।
বিধায়ক বড়োৱে কোৱা মতে, বি পি এফ বর্তমান অকলশৰে থকা দল । মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ তিনিওগৰাকী বিধায়কে নিজ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ লগত আছে যদিও দল হিচাপে বি পি এফ দল অকলশৰে আছে । বি পি এফ দলৰ মূল লক্ষ্যই হৈছে বিটিচি দখল বিগত বিটিচি নিৰ্বাচনত ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত বি পি এফে ১৭টা সমষ্টি দখল কৰি একক বৃহৎ দল হিচাপে পৰিগণিত হৈছিল। সেয়ে সহযোগ আৰু কৌশলেৰে বিটিচিৰ ক্ষমতা নিজ হাতলৈ অনাটোৱে বি পি এফৰ মূল লক্ষ্য।
Comments