গুৱাহাটী,৬ নৱেম্বৰ:বিগত ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘ৰাইজিং ছান ৱাটাৰফেষ্ট-২০২২’ৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট’ৰ দৰে জলক্ৰীড়া উৎসৱে ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ জলক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়াবিদক আকর্ষণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷
তেওঁ কয় যে উমিয়াম হৈছে মেঘালয়ৰ এক অন্যতম বৃহৎ কৃত্রিম হ্রদ । জলক্রীড়া তথা দুঃসাহসিক ক্ৰীড়াৰ বিভিন্ন সুবিধা থকা এই হ্ৰদটোত ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট-২০২২ অনুষ্ঠিতকৰণে এক বিশেষ মাত্ৰা প্ৰদান কৰিলে I ভৱিষ্যতে ৰয়িং আৰু নাও চালনাৰ ক্ৰীড়াশৈলীৰ পৃষ্ঠপোষকতা কৰাৰ দিশত অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ দায়বদ্ধতা এই ক্রীড়া উৎসৱে বৃদ্ধি কৰিলে বুলিও তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে দুয়োখন ৰাজ্যই এই আশাব্যঞ্জক জলক্রীড়াৰ প্ৰচাৰৰ বাবে একেলগে কাম কৰিব লাগিব ।
Comments