Cartoon
View Older
গুৱাহাটী,৭ নৱেম্বৰ:দেশৰ আটাইতকৈ সন্মানীয় ক্রীড়া সন্মান অর্জুন বঁটাৰ বাবে অনুমোদন হৈছে লন বলৰ তাৰকা নয়নমণি শইকীয়াৰ নাম। ক্রীড়া মন্ত্ৰালয়ৰ বিশেষ কমিটীয়ে অনুমোদন জনাইছে কমনৱেল্ল্থ গেমছৰ স্বৰ্ণ বিজয়ী অসম কন্যা নয়নমণিক।
এই অনুমোদন অনুসৰি যদিহে নয়নমণিয়ে অর্জুন বঁটা লাভ কৰে তেন্তে অসমৰ সপ্তমগৰাকী খেলুৱৈ হ'ব। উল্লেখ্য যে বৰ্তমানলৈকে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস আৰু লাভলীনা বৰগোহাঁইয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
Comments