Cartoon
View Older
গুৱাহাটী,৪ নৱেম্বৰ:বেলজিয়ামৰ এটা সংস্থাই আয়োজন কৰা ভিনটেজ কাৰ ৰেলী শুকুৰবাৰে আহি উপস্থিত হয় কাজিৰঙাত । দুদিন কাজিৰঙাত থাকি ৰেলীটো শ্বিলং অভিমুখে ৰাওনা হ'ব । ৰেলীত বিদেশৰ কেইবাগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে বিগত ১০ বছৰ ধৰি বেলজিয়ামৰ এটা সংস্থাই বিভিন্ন দেশত ভিনটেজ কাৰ ৰেলীৰ আয়োজন কৰি আহিছে । এইবাৰ এছিয়া মহাদেশৰ তিনিখনকৈ দেশত আয়োজন কৰিছে আমেৰিকা আৰু ইউৰোপীয় কেইবাখনো দেশৰ সমূহীয়া এই ভিনটেজ কাৰ ৰেলী । ২৫ দিনীয়াকৈ আয়োজন কৰা ভিনটেজ কাৰ ৰেলী বৃহস্পতিবাৰে উপস্থিত হয় কাজিৰঙাত ।
ইতিমধ্যে ভূটান ভ্রমণ কৰি অহা ৰেলীটো উত্তৰ-পূৱ ভাৰত ভ্ৰমণ সম্পন্ন কৰিছে । ৰেলীটো এইবাৰ বাংলাদেশ অভিমুখে ৰাওনা হ'ব। ৰেলীটোত থকা বাহনসমূহৰ ভিতৰত আছে মাৰ্চিডিজ, জাগুৱাৰ, ভলভ', পৰ্ছে আদি বিখ্যাত কোম্পানীৰ ৭০-৮০ দশকৰ বিলাসী বাহন ।
Comments