গুৱাহাটী,৪ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন বনাঞ্চলসমূহত চৰকাৰৰ উচ্ছেদ অভিযান অব্যাহত আছে । বনাঞ্চলৰ ভূমি বেদখল কৰা লোকসকলৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা দেখা গৈছে অসম চৰকাৰ লগতে প্ৰশাসনক । ইয়াৰ মাজতে চৰকাৰৰ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে গোৱালপাৰাত তীব্র প্রতিবাদ সাব্যস্ত কৰিলে বিভিন্ন সংগঠনে গোৱালপাৰা জিলাত উচ্ছেদ বন্ধ কৰাৰ লগতে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদানৰ দাবীত জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত গোৱালপাৰা জিলা ট্রাইবেল সংঘই উত্তাল প্রতিবাদ সাব্যস্ত কৰে ।
সহস্রাধিক ট্রাইবেল সংঘৰ বিষয়ববীয়াই হাতে হাতে প্লে কার্ড লৈ উচ্ছেদ অভিযান বিৰোধী শ্ল'গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । জনজাতীয় লোকসকলৰ বিৰুদ্ধে উচ্ছেদ কৰা বন্ধ কৰাৰ দাবীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । প্ৰতিবাদত অংশ লৈ সদৌ অসম ট্রাইবেল সংঘৰ সভাপতি বীৰেন ইংতিয়ে সাংবাদিকৰ আগত কয় যে যুগ যুগ ধৰি বনাঞ্চলসমূহত স্থায়ীভাৱে বসবাস কৰি অহা জনজাতীয় লোকসকলৰ ঘৰ-বাৰী, সা-সম্পত্তি এৰি বনাঞ্চল খালী কৰিবলৈ জাননী দিয়াত ক্ষুব্ধ হৈ পৰিছে লোকসকল ।
জনজাতীয় লোকসকলে যুগ যুগ ধৰি বনাঞ্চলসমূহ ধ্বংস কৰাৰ পৰিৱৰ্তে ৰক্ষণাৱেক্ষণ দি আহিছে বুলি তেওঁ দাবী কৰে । গোৱালপাৰা বন সংমণ্ডল প্ৰাধিকাৰীয়ে হঠাৎ উচ্ছেদৰ জননী দিয়াত জনজাতীয় লোকসকল ভীতিগ্ৰস্ত আৰু সন্ত্ৰস্ত হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে ।
Comments