গুৱাহাটী, ৫ নৱেম্বৰঃ ব্ৰাজিলৰ পৰা এটা আশ্চৰ্যজনক ঘটনা পোহৰলৈ আহিছে। য'ত এটা শিশুৱে জোতা পিন্ধি থাকোতে যন্ত্ৰণাত ভুগি মৃত্যুবৰণ কৰিছে। দৰাচলতে, যেতিয়া শিশুটোৱে জোতা পিন্ধি আছিল, তেতিয়া নাজানিছিল যে দক্ষিণ আমেৰিকাৰ আটাইতকৈ বিপদজনক প্ৰজাতিৰ হালধীয়া ৰঙৰ বৃচ্ছিকটো সেই সময়ত কাল ৰূপ ধৰি জোতাত বহি আছে। বৃচ্ছিকটোৱে কামোৰাৰ পিছত, শিশুটো ৭ বাৰকৈ হৃদৰোগত আক্ৰান্ত হয় মৃত্যু হয়।
শিশুটোৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই দুৰ্ভাগ্যজনক শিশুটোৰ নাম আছিল বাৰবোচা। তেওঁৰ বয়স আছিল মাত্ৰ ৭ বছৰ। শিশুটোৰ জোতাত বহি থকা বৃচ্ছিকটোৰ কামোৰৰ ফলত অতি বেদনাদায়ক মৃত্যু হয়। বৃচ্ছিকটোৱে কামোৰাৰ পিছত, যেতিয়া শিশুটোৱে বিষত ভুগিবলৈ ধৰে তেতিয়া মাক-বাপেকে লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও শিশুটোৰ জীৱন ৰক্ষা কৰিব পৰা নগ'ল।
Comments