গুৱাহাটী,৮ নৱেম্বৰ:ধৰ্মীয় অনুষ্ঠানত ভাগ লৈ উভতি অহাৰ পথতে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল একেটা পৰিয়ালৰ তিনি সদস্যৰ।এই শোকাবহ ঘটনা সংঘটিত হৈছে তেলেংগানাৰ ৱাৰাংগল জিলাৰ ৱাৰধন্নাপেট উপকণ্ঠৰ অন্তৰ্গত ডি চি থাণ্ডাত ৱাৰংগল-খাম্মাম ঘাইপথত।
মঙলবাৰে পুৱা এই ভয়ংকৰ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনি গৰাকী সদস্যৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ৬ জন লোক।আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত সকলক ৱাৰংগলৰ পেৰুকাৱাড়াৰ নিৱাসী এল কৃষ্ণ ৰেড্ডী, তেওঁৰ পত্নী ৱাৰা লক্ষ্মী আৰু পুত্ৰ ভেংকট সাই ৰেড্ডী বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে, পৰিয়ালটোৱে আন ৬ সদস্যৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ অংগোলেত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত অংশ লৈ উভতি অহাৰ সময়তে পুৱা প্ৰায় ৪.৩০ বজাত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।চালকজনে গাড়ী চলাই থকাৰ সময়তে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
Comments