গুৱাহাটী,৮ নৱেম্বৰ:যোৱা সপ্তাহত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চীন ভ্ৰমণৰ সময়ত ইংগিত পোৱা গৈছিল বহুতো সন্মিলিত প্ৰচেষ্টা ঘোষণা হোৱাৰ কথা । চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে সোমবাৰে পোনপটীয়াকৈ এই কথা অৱগত কৰে। বিত্তীয় সংকটত বিধ্বস্ত পাকিস্তানৰ বাবে ৯ বিলিয়ন ডলাৰ (প্ৰায় ৭৩ হাজাৰ ৬৬০ কোটি) সাহায্য দিয়াৰ কথা ঘোষণা কৰি তেওঁ কয় যে আৰ্থিক সংকটৰ পৰা মুক্ত কৰিবলৈ পাকিস্তানক সকলো প্ৰকাৰে সহায় কৰিব চীনে।
যোৱা বৃহস্পতিবাৰে শ্বাহবাজৰ চীন ভ্ৰমণৰ সময়ত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ হোৱাৰ সন্দৰ্ভত এক যৌথ বিবৃতি প্ৰকাশ কৰা হয়। সেই সময়ত পাকিস্তানক আৰ্থিক সাহায্য দিয়াৰ প্ৰশ্নত চীনৰ ৰাষ্ট্ৰপতিৰ উত্তৰ আছিল, “চিন্তাৰ কোনো কাৰণ নাই । আমি পাকিস্তানক নিৰাশ নকৰো।'' পাকিস্তানৰ বিত্তমন্ত্ৰী ইছহাক দাৰে শনিবাৰে কয় যে, ‘বিত্তীয় সংকটৰ পৰা মুক্তি পাবলৈ পাকিস্তানে চীনৰ পৰা ৯ বিলিয়ন ডলাৰ আৰু চৌদি আৰৱৰ পৰা ৪ বিলিয়ন ডলাৰ লাভ কৰিব।'
সোমবাৰে জিনপিঙৰ ঘোষণাই সেই ‘ভৱিষ্যদ্বাণী’ সঁচা প্ৰতিপন্ন কৰিলে। সোমবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰা এক বিবৃতিত চীনৰ বৈদেশিক মন্ত্ৰনালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে পাকিস্তান আমাৰ পুৰণি বন্ধু। পাকিস্তানৰ ৰাজনীতিত শেহতীয়া অস্থিৰতা আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গুলীওৱাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰাকৈয়ে ঝাওৱে কয় যে আমি তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।
Comments