গুৱাহাটী,৮ নৱেম্বৰ:ছেমি ফাইনেলৰ পূর্বে ৰোহিতৰ আঘাতে ভাৰতক চিন্তিত কৰি তুলিছে ৷ নেটত আঘাতৰ পিছত ৰোহিতে হাতত বৰফৰ পেক এটা লৈ কিছু সময় বহি থাকিল । সেই ভিডিঅ’টো ইতিমধ্যে মুকলি কৰা হৈছে । ৰোহিতৰ সোঁহাতখনত এটা আইচ বেগ বান্ধি থোৱা আছে, তেওঁৰ মুখখনত বিষৰ কষ্ট অনুভৱ কৰিব পৰা গৈছে । দলটোৰ মানসিক শক্তিৰ প্ৰশিক্ষক পেডী আপটনে কিছু সময় ৰোহিতৰ সৈতে কথা পাতিছিল । কিছু সময় জিৰণি লোৱাৰ পিছত ৰোহিতে পুনৰ বেটিং কৰিবলৈ আহিল । কিন্তু তাৰ পিছত তেওঁক কেৱল ডিফেন্সিভ শ্বট খেলা দেখা গৈছিল । কিছু সময়ৰ পিছতেই ৰোহিতে অনুশীলনৰ পৰা বিৰতি লৈ উভতি যায় ।
ৰোহিত শৰ্মাৰ এই আঘাতৰ বাবে যাৰ নাম আহি আছে তেওঁ হৈছে ৰঘু ৰাঘবেন্দ্ৰ । যিয়ে বাংলাদেশৰ বিৰুদ্ধে খেলৰ সময়ত ভাৰতীয় দলৰ ফিল্ডাৰৰ জোতা চাফা কৰি আছিল। তেওঁ এজন থ্ৰ’ ডাউন বিশেষজ্ঞ। মঙলবাৰে পুৱা তেওঁ ৰোহিতক থ্ৰ’ ডাউন দি আছিল। ৰঘুৰ থ্ৰ’ত আঘাত প্ৰাপ্ত হয় ভাৰতীয় অধিনায়কজন।
Comments