গুৱাহাটী,৮ নৱেম্বৰ:এগৰাকী যুৱতীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা তিনিজন দোষীক সোমবাৰে উচ্চতম ন্যায়ালয়ে দোষমুক্ত কৰে। ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা তিনিজন দোষীক মুকলি কৰি দিয়াৰ কাৰণ, এইবাৰ পোহৰলৈ আহিল। দেশৰ শীর্ষ আদালতে কয় যে অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বিচাৰ প্রক্রিয়াত প্রমাণ কৰিব পৰা নগ’ল৷ সন্দেহতহে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।
২০১২ চনৰ ফেব্ৰুৱাৰী মাহত হাৰিয়ানাৰ ৰেৱাৰী জিলাৰ এটা খাৱৈত ১৯ বছৰীয়া কিশোৰীৰ অংগচ্ছেদ আৰু জ্বলি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল। উত্থাপন হৈছিল অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ অভিযোগ। তদন্তত আৰক্ষীয়ে গম পায় যে যুৱতীগৰাকীৰ চকুত এচিড নিক্ষেপ কৰা হৈছে। মদৰ বটল এটাৰে তেওঁৰ যৌনাংগত আঘাত কৰা হৈছিল। এই ঘটনাত তিনিজন যুৱকক দোষী সাব্যস্ত কৰা হয়। ২০১৪ চনত নিম্ন আদালতে দোষীক ফাঁচী দিয়াৰ নিৰ্দেশ দিছিল।
Comments