Cartoon
View Older
গুৱাহাটী,৮ নৱেম্বৰ:দিল্লীৰ বতাহত প্ৰদূষণৰ পৰিমাণ কিছু হ’লেও কমিছে । সেয়ে বুধবাৰৰ পৰা মুকলি হ’ব ৰাজধানীৰ সকলো প্রাথমিক বিদ্যালয় । চৰকাৰী দপ্তৰৰ ৫০ শতাংশ কর্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ নির্দেশো বাতিল কৰা হৈছে । সোমবাৰে ঘোষণা কৰিলে দিল্লীৰ পৰিৱেশমন্ত্রী গোপাল ৰায়ে । দিল্লীৰ লগতে নয়ডাৰ বিদ্যালয়ো আৰম্ভ হ’ব বুধবাৰৰ পৰা ।
সোমবাৰে মন্ত্রী ৰায়ে কয়, ‘‘দিল্লীৰ চৰকাৰী কর্মচাৰীসকলৰ ঘৰৰ পৰা কাম কৰাৰ নির্দেশ বাতিল কৰা হৈছে । সোমবাৰৰ পৰা সকলো চৰকাৰী কর্মচাৰীয়ে দপ্তৰত আহি কাম কৰিছে ।’’ ৰাষ্ট্ৰীয় ঘাইপথ, পথ, উৰণীয়া সেঁতু নির্মাণৰ ওপৰত যি নিষেধাজ্ঞা আছিল, সেয়াও বাতিল কৰিছে দিল্লী চৰকাৰে ।
Comments