গুৱাহাটী,৮ নৱেম্বৰ:১১ জুনৰ পুৱা ধূলা চ’কৰ নিবাসী এজন এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ I কোৱা হৈছিল যে, কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো প্ৰকাশ পাইছিল একেই তথ্য। কিন্তু ঘটনাটো প্ৰকৃততে বেলেগ আছিল।অভিযোগ মতে, পাঁচলাখ টকাত হৈছিল হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ সকলো বন্দবস্ত । সমগ্ৰ বিষয়টোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পোনতে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক মেনেজ কৰিছিল কৃষ্ণকমল বৰুৱাই । অ'চি বৰাৰ যোগেদিয়েই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সলনি কৰাৰ ঠিকা দিছিল এছএছবিৰ জোৱানজনে ।
ইয়াৰ পাচতেই চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক । উৎপল বড়াৰ ভাড়াঘৰ, শহুৰৰ ঘৰ আদিত চলে চি আই ডিৰ অভিযান। যোৱা ১ নৱেম্বৰত চি আই ডিয়ে মাৰাথন জেৰা চলাই উৎপল বড়াক। চি আই ডিৰ জেৰাত উপায়ন্তৰ হৈ সৈ কাঢ়ে নিলম্বিত অ’চি বড়াই । অভিযোগ মতে, পাঁচলাখ টকাত হৈছিল হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ সকলো বন্দবস্ত ।
এই ঘটনাৰ সত্যাসত্য নিৰূপণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ নিৰ্দেশতেই নিলম্বন কৰা হয় দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বড়াক । ঘটনাৰ তদন্তৰ বাবে চি আই ডিত 20/2022 নম্বৰত ৰুজু কৰা হয় এটা গোচৰ । চি আই ডিৰ উপ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়, এছ এছ পি ইন্দ্ৰাণী বৰুৱাৰ নেতৃত্বত গঠন কৰা হয় এটা বিশেষ তদন্তকাৰী গোট । এই SIT ৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনাটোক অন্য ৰূপ দিয়াৰ ভয়ংকৰ তথ্য । লগে লগে পুতি থোৱা অৱস্থাৰ পৰা উলিয়াই আনি পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় কিশোৰীগৰাকীৰ মৃতদেহ । এই দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনে পর্দা উদঙাই দিয়ে কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাৰ । পৰীক্ষাত ধৰা পৰে যে, ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কিশোৰীগৰাকীক । এতিয়া চিআইডিয়ে ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা চিকিৎসক ডাঃ অৰুণ চন্দ্ৰ ডেকা, ডাঃ অজন্তা বৰদলৈ আৰু ডাঃ অনুপম শৰ্মা আৰু এডিশ্যনেল এছপি ৰূপম ফুকনকো গ্ৰেপ্তাৰ কৰা হৈছে ।
Comments