গুৱাহাটী,৯ নৱেম্বৰ:নেপালত পুৱতি নিশা আহিল বৰভূঁইকপ।নেপালত ৫ ঘণ্টাত দুটাকৈ ভয়ংকৰ ভূমিকম্পৰ ঘটনা।ভূইকঁপত ৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ।খবৰ অনুসৰি পুৱতি নিশা নেপালত অহা ভূমিকম্পৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।
ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬।নিহত ৬ গৰাকী লোকৰ ভিতৰত আছে এগৰাকী মহিলা আৰু দুটা শিশু।অৱশ্যে, মৃতসকলক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই। ভূমিকম্পপীড়িত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে নেপালী সেনা মোতায়েন কৰা হৈছে।
ভূইকঁপত ভাঙি পৰিছে ঘৰ-দুৱাৰ।নেপালৰ সমান্তৰালকৈ দিল্লী, নয়দা, গাজিয়াবাদতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূকম্পন কেন্দ্ৰৰ মতে, ইয়াৰ কেন্দ্ৰস্থল উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ পৰা ৯০ কিলোমিটাৰ দক্ষিণ-পূবত নেপালৰ সীমাৰ ওচৰত আছিল।দিল্লীৰ উপৰিও উত্তৰাখণ্ড, হিমাচল আৰু উত্তৰ প্ৰদেশ আদি অঞ্চলত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰিছিল।
Comments