গুৱাহাটী,৯ নৱেম্বৰ : ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্রকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন অন্তৰ্দ্ধাৰ ক্ৰীড়াংগণত চলি থকা অষ্টম সংখ্যক নগেন হাজৰিকা সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ শাখাত কোৱাৰ্টাৰ ফাইনেলসমূহ সম্পন্ন হৈছে। পুৰুষৰ ছেমিত প্ৰৱেশ কৰিছে অইলৰ অগ্নিভ ভাস্কৰ গোহাঁই, গুৱাহাটীৰ বিবেক ৰাভা, গুৱাহাটীৰ প্ৰিয়ানুজ ভট্টাচাৰ্য্য আৰু দিব্যাজ আৰ ৰয়ে। মহিলাৰ ছেমি ফাইনেলিষ্ট কেইগৰাকী হ'ল - কৃষ্ণা গগৈ (অইল), কৃতিকা উপাধ্যায় (গুৱাহাটী), জিতাক্ষী মজুমদাৰ (গুৱাহাটী) আৰু ভাবনা কাশ্যপ (গুৱাহাটী)।
আনহাতে অনূর্ধ্ব-১১ ছোৱালীৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলিষ্টসকলৰ -ভিতৰত গুৱাহাটীৰ ৫, ডিব্ৰুগড়ৰ ৫, মঙলদৈৰ ১, শিৱসাগৰৰ ১, উত্তৰ লখিমপুৰৰ ৩, আৰু শিলচৰৰ এগৰাকী খেলুৱৈ আছে। অনূর্ধ্ব-১১ ল'ৰাৰ শাখাত ডিব্ৰুগড়ৰ ৫, নগাঁৱৰ ১, গুৱাহাটীৰ ২, নামৰূপৰ ৩, শিৱসাগৰ ৩, গোলাঘাটৰ ১, আৰু মঙলদৈৰ এগৰাকী আছে। অনূর্ধ্ব-১৯ ল'ৰাৰ শাখাত গুৱাহাটীৰ ৮ গৰাকীয়ে প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰাৰ বিপৰীতে ডিব্ৰুগড়ৰ ৪, শিৱসাগৰৰ তিনি, শিলচৰ আৰু নগাঁৱৰ এগৰাকীকৈ খেলুৱৈয়ে প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে। অনূর্ধ্ব-১৯ ছোৱালীৰ শাখাত গুৱাহাটী, শিৱসাগৰৰে প্রাধান্য বিস্তাৰ কৰিছে। গুৱাহাটীৰ ১০ গৰাকী, শিৱসাগৰ ৫ গৰাকীয়ে আৰু নগাঁৱৰ মাত্ৰ এগৰাকীয়ে প্রি-কোৱাটাৰত প্ৰৱেশ কৰিছে।
Comments