গুৱাহাটী,৯ নৱেম্বৰ : অহা ৩ আৰু ৪ ডিচেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ স্বৰ্গীয় কৈলাশনাথ শৰ্মাৰ সোঁৱৰণত North East All Style Martial Arts Championship প্রতিযোগিতা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত JEET KUNU DO MARTIAL ARTS ASSOCIATION OF ASSAMৰ নেতৃবৃন্দই এই কথা জানিবলৈ দিছে।
ডিব্ৰুগড় নবোদয় মার্শেল আর্টছ এছ'চিয়েশ্যনৰ উদ্যোগত চহৰখনৰ ইনড'ৰ ষ্টেডিয়ামত এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত উত্তৰ- -পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা বহু প্রতিযোগীয়ে অংশগ্রহণ কৰিবলৈ ইতিমধ্যে যোগাযোগ কৰা বুলি উদ্যোক্তাসকলে সংবাদমেলত প্রকাশ কৰিছে। উল্লেখ্য যে ১৯৮৭ চনত স্থাপিত আৰু ২০০৪ চনত পঞ্জীকৃত J. K. D. Martial Arts Association য়ে বিগত সময়ত martial Arts ৰ বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত কৰি আহিছে। প্ৰতিযোগিতাখনত অন্যান্য বিশিষ্ট লোকৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালো উপস্থিত থাকিব। এই প্রতিযোগিতাত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।
Comments