গুৱাহাটী,৭ নৱেম্বৰ : কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত ৫ নৱেম্বৰত গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰী দেৱালয়ৰ প্ৰাংগণত দক্ষতা বিকাশ প্রশিক্ষণ শিবিৰ এখনৰ আয়োজন কৰা হয়। দিনৰ ১১ বজাত এই প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ পাৰিষদ সুধীর চন্দ্ৰ ৰায়ে।
জি এম হিটলাৰ ৰায়ে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কমতাপুৰ স্বায়চত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন। উদ্বোধনী আনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ হিতেশ্বৰ বৰ্মনে প্রশিক্ষণত অংশ লোৱা যুৱক যুৱতীসকলক উদ্দেশ্যি এক সাৱলীল ভাষণ আগবঢ়ায়। তেওঁ কয়— বৰ্তমানৰ চৰকাৰখনে কৃষি ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। অসমৰ কৃষি ভূমি যথেষ্ট উৰা।
আনহাতে প্রাকৃতিক সম্পদতো ৰাজ্যখন যথেষ্ট চহকী। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ এলেকাও ইয়াৰ ব্যতিক্রম নহয়। সেয়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলৰ যুৱক-যুৱতীসকলে সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱাৰ পৰিবৰ্তে নিজ অঞ্চলতে কৃষি, ৰেচম, পশুপালন তথা মৎস্য পালন আদিৰ দৰে উৎপাদনমুখী কৰ্মত নিয়োজিত হৈ নিজে স্বাবলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনীতি টনকীয়াল কৰিবলৈ উদ্যোগ লোৱা উচিত।
এই ক্ষেত্ৰত পৰিষদে আগ্রহী যুৱক যুৱতীসকলক প্রয়োজনীয় আর্থিক সাহায্য প্রদানৰো চিন্তা-চৰ্চা কৰি থকাৰ কথা ভাষণ প্ৰসংগতে উল্লেখ কৰে অধ্যক্ষ হিতেশ্বৰ বৰ্মনে। আনহাতে, অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থকা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদ ক্ৰমে-সুধীৰ চন্দ্ৰ ৰায় আৰু পূৰৱী সৰকাৰেও প্ৰশিক্ষণত অংশ লোৱা যুৱক-যুৱতীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়।
ভাষণ প্ৰসংগত ৰায়ে বৰ্তমান চৰকাৰে কৃষকসকলক অন্নদাতা অভিধাৰে সন্মান প্ৰদান কৰাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত আজিৰ প্ৰজন্মৰ যুৱক-যুৱতীসকলক গুরুত্ব আৰোপ কৰিবলৈ আহবান জনায়। ইফালে, অনুষ্ঠানত গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি ৰত্নদীপ ৰায়, সম্পাদক প্ৰাণজিৎ দাস, গোৱালপাৰা জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি সুশীল কুমাৰ ৰায় তথা জি, এম দিপজ্যোতি ৰায়ৰ লগতে বহুকেইজন উপস্থিত থাকে। উল্লেখ্য যে কমতাপুৰ স্বাৱলম্বী মিছনৰ অধীনত ৫ নৱেম্বৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে আয়োজিত প্রশিক্ষণ শিবিৰৰ সামৰণি পৰিব ১৬ নৱেম্বৰত।
Comments