গুৱাহাটী,৭ নৱেম্বৰ:উচ্চতম ন্যায়ালয়ে আনৰিজাৰ্ভ কেটেগৰিৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী (EWS)ৰ বাবে ১০ শতাংশ কোটা প্ৰদানৰ ব্যৱস্থাক সম্পূৰ্ণ সমৰ্থন কৰিছে । সংবিধানৰ ১০৩ সংখ্যক সংশোধনীক সমৰ্থন কৰি আজি এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে উচ্চতম ন্যায়লয়ে।হিতাধিকাৰীসকলে কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত নামভৰ্তিৰ বাবে কোটা লাভ কৰিব পাৰিব।
মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ দীনেশ মহেশ্বৰী, এছ ৰবীন্দ্ৰ ভাট, বেলা এম ত্ৰিবেদী আৰু জে বি পাৰ্দিৱালাৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে নিজৰ ৰায়দানত সংশ্লিষ্ট সংশোধনীয়ে সংবিধান উলংঘা কৰা নাই বুলি ৰায় দিয়ে। ৰায় পাঠ কৰি ন্যায়াধীশ মহেশ্বৰীয়ে কয় যে ১০৩ নং সাংবিধানিক সংশোধনী বৈধ আৰু সংবিধানৰ মৌলিক গাঁথনি উলংঘা কৰা নাই।
ন্যায়াধীশ ত্ৰিবেদীয়ে কয় যে সংৰক্ষণ নীতি পুনৰ চোৱাৰ প্ৰয়োজন আছে আৰু ইয়াৰ সময়সীমা থাকিব লাগে। ন্যায়াধীশ পাৰ্দিৱালাই সংশোধনীটোক বৈধ বুলি ধৰি লৈও সংৰক্ষণ নীতি অনিৰ্দিষ্টকাললৈ চলিব নোৱাৰে বুলি পৰ্যবেক্ষণ কৰি সংৰক্ষণ নীতি পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত ন্যায়াধীশ ত্ৰিবেদীৰ সৈতে একমত প্ৰকাশ কৰে।
Comments