গুৱাহাটী,৭ নৱেম্বৰ:দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতেই ঔদ্যোগিক পৰিৱেশ সৃষ্টি, নৱ উদ্যোগিক উদ্যমিতা স্থাপনৰ লক্ষ্যৰে সদ্যহতে 'দ্য নর্থ-ইষ্টার্ন ডেভেলপমেন্ট ফাইনেঞ্চ কৰ্প'ৰেশ্যন (নেডফি)’আৰু 'দ্য নাইটিংগেল ফিনভেষ্ট প্রাইভেট লিমিটেড (এন ই পি এল)'ৰ মাজত এক ব্যৱসায়িক বুজাবুজি স্বাক্ষৰিত হৈছে। উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমৰ শিক্ষিত নিবনুৱা যুৱ-উদ্যমীসকলক স্বৰোজগাৰ আৰু নিজা ক্ষুদ্ৰ উদ্যোগিক গোট স্থাপনৰ কৰিবৰ বাবে এই বুজাবুজিৰ মাধ্যমত নেডফিৰ তত্ত্বাৱধানত এন ই পি এলে প্রথম খেপত দুই লাখ টকাৰ ঋণ প্ৰদান কৰিব।
উত্তৰ-পূবৰ ৰাজ্যবোৰত বিগত ২৫ বছৰে ব্যৱসায় কৰি থকা অনা-চৰকাৰী বিত্তীয় প্রতিষ্ঠান 'দ্য নাইটিংগেল ফিনভেষ্ট প্রাইভেট লিমিটেড (এন ই পি এল)'-এ চৰকাৰৰ নীতি-নিৰ্দেশনাৰ আধাৰত এই বৃহত্তৰ অঞ্চলত উদ্যোগিক উদ্যমিতা বৃদ্ধিৰ কাৰণে বিভিন্ন প্রকাৰৰ বিত্তীয় সহায্য প্ৰদান কৰি আহিছে। ঋণৰ ধন সঠিকভাৱে উৎপাদনী কৰ্মত খটুৱাই নীতিনিষ্ঠতাৰে কৰ্ম কৰা অতি ক্ষুদ্র গ্রাম্য উদ্যোগবোৰক এন ই পি এলে অতিৰিক্ত বাণিজ্য সম্প্ৰসাৰণ পুঁজি কম সুত্ৰত যোগান ধৰে।
Comments