গুৱাহাটী,৭ নৱেম্বৰ:এজন হৃদয়বান লেপটপ চোৰৰ মহানুভৱতাই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। চোৰৰ চুৰি কাৰ্যক মানুহে নিন্দা কৰাৰ সমান্তৰালভাৱে এতিয়া চোৰজনৰো প্ৰশংসা সমানেই কৰিছে নেট ব্যৱহাৰকাৰীয়ে।দৰাচলতে জুৱেল থিক্সো নামৰ এজন ব্যক্তিৰ এটা দামী লেপটপ চুৰি কৰি নিছিল চোৰে।
কিন্তু লেপটপটো চুৰি হোৱাৰ সময়ত এটা প্ৰজেক্টৰ কামত ব্যস্ত আছিল জুৱেল থিক্সো।চোৰটোৱে যেতিয়া চুৰি লেপটো খুলি সেই প্ৰজেক্টৰ বিষয়ে জানিব পাৰে, তাৰ পিছতে লেপটপটোৰ মালিক জুৱেললৈ এটা মেইল প্ৰেৰণ কৰি চুৰি কাৰ্যৰ কথা স্বীকাৰ কৰাৰ লগতে প্ৰজেক্টটো মেইলযোগে ওভতাই দিয়ে।
তদুপৰি লেপটপৰ ভিতৰত আন কিবা লাগতিয়াল তথ্য থাকিলে, এটা নিৰ্ধাৰিত সময় বান্ধি দি তাৰ পূৰ্বে যোগাযোগ কৰিবলৈও মালিকক আহ্বান জনালে চোৰে।এই সমগ্ৰ ঘটনা জুৱেল থিক্সোই টুইটাৰযোগে শ্বেয়াৰ কৰাত এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে চোৰৰ সহৃদয়তা।ই-মেইলত চোৰজনে লিখিছে, “ভাতৃ, হয় মই কালি আপোনাৰ লেপটপটো চুৰি কৰিছো।
টকাৰ প্ৰয়োজন হোৱাৰ বাবে মই এয়া কৰিবলগীয়া হ’ল।’’চোৰে আৰু লিখিছে, “মই দেখিছিলো যে আপুনি এটা গৱেষণা প্ৰস্তাৱত ব্যস্ত আছিল। মই সেই ফাইলটো আপোনালৈ প্ৰেৰণ কৰিছো। যদি আন কিবা লাগতিয়াল তথ্য আছে, তেন্তে সোমবাৰে দুপৰীয়াৰ ভিতৰত মোক জনাওক, কিয়নো ইতিমধ্যে গ্ৰাহক লাভ কৰিছো।’
Comments