গুৱাহাটী,১১ নৱেম্বৰ:ইউক্ৰেইনৰ যুদ্ধৰ বাবে বিদেশত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছা কৰিলে ৰাছিয়ালৈ গৈ পঢ়া-শুনা সম্পূৰ্ণ কৰিব পাৰে। ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ ক্ৰেমলিনে এই প্ৰস্তাৱ আগবঢ়াইছিল। ৰাছিয়াত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক আদৰণি জনোৱা হ’ব বুলি বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰদূত অলেগ আভদিভে প্ৰকাশ কৰে।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে এই দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে দেশ এৰি যাবলৈ বাধ্য হৈছিল । ইয়াৰ ভিতৰত মেডিকেলৰ ছাত্ৰ-ছাত্ৰীও আছে । যুদ্ধবিধ্বস্ত ইউক্ৰেইন এৰি বহুতেই ঘৰলৈ উভতি আহিছে । অলেগে কয় যে ভাৰতীয়সকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে ৰাছিয়াক বাছি ল’ব পাৰে । তেওঁ কয়, “ইউক্ৰেইন এৰি যোৱা সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ৰাছিয়ালৈ গৈ চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব।” কাৰণ দুয়োখন দেশৰ (ইউক্ৰেইন আৰু ৰাছিয়া) চিকিৎসাৰ পাঠ্যক্ৰম প্ৰায় একে। ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ৰাছিয়াত আদৰণি জনোৱা হৈছে।’ অলেগে লগতে দাবী কৰে, ‘বহু দেশৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে ৰাছিয়াক বাছি লৈছে আৰু এই ধাৰা বৃদ্ধি হৈছে । ৰাছিয়াতো বহু ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিৰ বাবে আবেদন কৰিছে।'
দৰাচলতে ফেব্ৰুৱাৰীৰ শেষৰ ফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা ভাৰতৰ নাগৰিকে ইউক্রেইন এৰি যাবলৈ আৰম্ভ কৰিছিল । তাৰ ভিতৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিল । বিষয়টো উচ্চতম ন্যায়ালয়টো গৈ উপস্থিত হৈছে । কিন্তু কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত জনাইছে যে ইউক্ৰেইনত আধাতে এৰি অহা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক দেশৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ দিয়া নহ’ব । কিন্তু কেন্দ্ৰই এই ক্ষেত্ৰত চূড়ান্ত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক কিছু ৰেহাই দিছে।
Comments