Cartoon
View Older
গুৱাহাটী,১১ নৱেম্বৰ:বিজেপি বিধায়ক ৰূপজ্যােতি কুৰ্মীৰ নতুন ৰূপ।নিজ সমষ্টিত অনুষ্ঠিত শ্ৰী কৃষ্ণৰ ৰাস মহােৎসৱত ‘ব্ৰহ্মা’ৰ ভাও ধৰিলে বিজেপি বিধায়কগৰাকীয়ে।জানিব পৰা মতে, উন্মিলন সংগীত বিদ্যালয় আৰু মৰিয়নীবাসী ৰাইজৰ সহযোগিতাত মৰিয়নী বাপুজী ষ্টেডিয়ামত ১੦ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত “ব্ৰহ্মা”ৰ ভাওত অভিনয় কৰে ৰূপজ্যােতি কুৰ্মীয়ে।উল্লেখ্য যে এই ৰাস মহােৎসৱৰ উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বতাে আছে কুৰ্মী।
সামাজিক মাধ্যমৰ জৰিয়তে বিধায়কগৰাকীয়ে এই অনুষ্ঠানত ফটাে শ্বেয়াৰ কৰে।উল্লেখ্য যে এই ৰাস মহােৎসৱৰ উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনাে উপস্থিত থাকে।
Comments