গুৱাহাটী,১০ নৱেম্বৰ: অসমৰ প্ৰাক্তন সাঁতোৰবিদ তথা বৰ্তমানৰ চেনেল ইমাৰ এলভিছ আলী হাজৰিকাই বুকুত অদম্য সাহস লৈ পুনৰ সাঁতুৰিবলৈ ওলাইছে ইংলিছ চেনেল। ২০১৮ত সাঁতোৰবিদজনে ইংলিছ চেনেল সাঁতোৰাৰ প্ৰয়াস কৰিছিল যদিও ক্ষীণমান দূৰত্বৰ বাবে ব্যৰ্থ হৈছিল। তাৰপাছতো আশা এৰি দিয়া নাই এলভিছে।
এলভিছে অহাবৰ্ষৰ ১৭-২২ জুনৰ ভিতৰত ইংলিছ চেনেল সাঁতোৰাৰ চেষ্টা কৰিব। পূৰ্বতে এলভিছে ইংলেণ্ডৰ পৰা ফ্ৰান্স সংযোগী ইংলিছ চেনেলত 'ৱান ৱে' ছুইম' কৰিবলৈ চেষ্টা কৰিছিল যদিও এইবাৰ ‘টু ৱে ছুইম’কৰিব। অর্থাৎ ইংলেণ্ডৰ পৰা ফ্রান্স পোৱাৰ পাছত পুনৰ ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ উভতি আহিব। এই সাঁতোৰৰ মুঠ দূৰত্ব হ'ল ৭৮ কিল মিটাৰ। এই ৰীলে সাঁতোৰত প্ৰতিগৰাকী সম্ভণবিদক এটা নিৰ্দিষ্ট দূৰত্বত সাঁতোৰিবলৈ দিয়া হ'ব।
আজি এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰি এলভিছে কয় যে ইংলিছ চেনেল সাঁতোৰাৰ বাবে প্ৰয়োজন হ'ব প্ৰায় ১৫ লাখ টকা। ইয়াৰ বাবে অসম চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক আর্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে এলভিছ আলী হাজৰিকাই। স্মর্তব্য যে চলিত ছেপ্টেম্বৰত এলভিছে নর্ডান আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ড সংযোগী নর্থ চেনেল সফলতাৰে অতিক্ৰম কৰিছিল। তদুপৰি ২০১৯ত আমেৰিকাৰ পৰা মেক্সিকো সংযোগী কেটেলিনা চেনেলো সাঁতুৰিবলৈ সক্ষম হৈছিল সাতোঁৰবিদজনে।
Comments