গুৱাহাটী,১০ নৱেম্বৰ:টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাস্ত হয় ভাৰত। এডিলেইডত ইংলেণ্ডৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত ৰোহিত শৰ্মাবাহিনী । প্ৰথমে বেটিং কৰি ভাৰতে ১৬৮ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াৰ ৬৩ ৰানৰ ফলতহে এই স্ক'ৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলে । বিৰাট কোহলীয়ে ব্যক্তিগত ভাৱে ৫০ ৰান সংগ্ৰহ কৰে । ইংলেণ্ডে ১৬ অভাৰতেই বহু প্ৰত্যাশিত মেচখন সমাপ্ত কৰে । ইংলেণ্ডৰ হৈ জছ বাটলাৰ আৰু এলেক্স হেলছে অৰ্ধশতক অৰ্জন কৰে ।
টছৰ সময়ত ৰোহিতে কয় যে টছত জয়ী হ’লে ভাৰতে বেটিং কৰিলেহেঁতেন। লোকেশ ৰাহুল পুনৰ ব্যৰ্থ হ'ল গুৰুত্বপূৰ্ণ মেচখনত । গ্ৰুপ পৰ্যায়ত বাংলাদেশ আৰু জিম্বাবুৱেৰ বিৰুদ্ধে ৰাহুলে পঞ্চাশ ৰাণ কৰি ফৰ্মলৈ ঘূৰি অহা বুলি বিবেচনা কৰা হৈছিল। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ৰাহুল সম্পূৰ্ণ ৰূপে ব্যৰ্থ হয় । ৰোহিতে ২৭ ৰান সংগ্ৰহ কৰিছিল যদিও ২৮টা বল খেলিছিল। টি-২০ ক্ৰিকেটৰ ফৰ্মেট হিচাপে যিটো একেবাৰে দূৰ্বল প্ৰদৰ্শন । এদিনীয়া ক্ৰিকেটত দুটা শতক অৰ্জন কৰা বেটছমেনৰ পৰা ছেমি ফাইনেলৰ দৰে ডাঙৰ মেচত এই ৰান গ্ৰহণযোগ্য নহয়। এই প্ৰতিযোগিতাত তেওঁ মাত্ৰ এটা অৰ্ধশতকহে অৰ্জন কৰিছিল। সেইটোও আহিছিল নেদাৰলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে।
Comments