গুৱাহাটী,১০ অক্টোবৰ:এজন ভাৰতীয় অধিনায়ক আৰু আনজন সহ: অধিনায়ক । ভাৰতৰ বাবে ইনিংছ মুকলি কৰিবলৈ নামি আহিছিল খেলপথাৰলৈ । কিন্তু ডাঙৰ ডাঙৰ মেচত বাৰে বাৰে ব্যৰ্থ হৈছে ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুল। টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলতো একেই ছবি দেখা গৈছিল। আকৌ নাপালে বেটত ৰাণ ।
যোৱা কেইখনমান আই চি চি টুৰ্ণামেণ্টত ৰোহিতৰ নকআউট ফৰ্ম বহুত বেয়া । ২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ২৯ ৰান সংগ্ৰহ কৰিছিল ৰোহিতে। ২০১৫ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩৪ ৰান সংগ্ৰহ কৰিছিল। ২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৪৩ ৰান সংগ্ৰহ কৰিছিল ৰোহিতে। ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলতো ৰোহিতে নিউজিলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ১ ৰানত কৰি আউট হয়।
২০২১ চনত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শূন্য ৰান সংগ্ৰহ কৰি ভাৰতৰ সোঁহাতৰ অ’পেনাৰগৰাকীয়ে পেভিলিয়নমুখি হৈছিল । এই বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাহুলে অলপো ৰান নাপালে ।ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ৰাহুলে ৫টা বলত ৫ ৰান সংগ্ৰহ কৰি আউট হয় । যথেষ্ট সময় ৰোহিত ক্ৰীজত আছিল । কিন্তু ছন্দত নাছিল। তেওঁ ২৭ ৰান সংগ্ৰহ কৰে। কিন্তু তেওঁৰ হৈ ২৮টা বল খেলিছিল। ৰোহিতৰ লেহেমীয়া বেটিংৰ বাবে ভাৰতে পাৱাৰ প্লে’ত ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো ৰোহিতে বেছি চিন্তা কৰিবলৈ ইচ্ছুক নহয়। ইংলেণ্ডৰ বিৰুদ্ধে খেলৰ আগদিনা এখন সংবাদমেলত তেওঁ নিজৰ ফৰ্মৰ বিষয়ে মুকলিকৈ কয়। ক'লে, "এজন মেচ ক্ৰিকেটাৰৰ প্ৰতিভাক লৈ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। গোটেই জীৱন কেনেকৈ খেলিছিল সেইটো এটা মেচতে বিচাৰ কৰা নহয়। এই কথা কেৱল মোৰ বাবেই নহয়, সকলো ক্ৰিকেটাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। আমি গোটেই বছৰটো কঠোৰ পৰিশ্ৰম কৰো। প্ৰতিটো ফৰ্মেটতে ভাল খেলিবলৈ চেষ্টা কৰোঁ । গতিকে এখন মেচৰ ওপৰত একো নিৰ্ভৰ নকৰে।”
Comments