গুৱাহাটী,১০ নৱেম্বৰ:অসম এথলেটিকছ সন্থাৰ উদ্যোগত কাইলৈৰ পৰা ১৫ নৱেম্বৰলৈ গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই খেলপথাৰত ৩৭সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২৮ খন ৰাজ্যৰ ২১১৩ গৰাকী এথলীটে অংশগ্ৰহন কৰিবলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পূৰ্বে খেলুৱৈৰ লগতে উদ্যোক্তা সম্পূৰ্ণৰূপে সাজু হৈছে। ১৪,১৬,১৮,২০ অনুৰ্ধ্ব বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে ১১৮৮জন ল'ৰা আৰু ৯২৫গৰাকী ছোৱালী খেলুৱৈ গুৱাহাটীত উপস্থিত হৈছে বুলি আজি ছাইত অনুষ্ঠিত এক সংবাদমেলত উল্লেখ কৰে অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক ভৰালীয়ে।
এই প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে ইতিমধ্যে ৬৫ জনীয়া এথলীটৰ দল ঘোষণা কৰিছে অসম এথলেটিকছ সন্থাই। আনহাতে সংবাদমেল যোগে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিৱেদন দাস পাটোৱাৰীয়ে কয়,এই প্ৰতিযোগিতাখনে অসমৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন বাৰ্তা সৃষ্টিৰ লগতে অসমৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিব।
আজি অনুষ্ঠিত সংবাদ মেলত ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ সম্পাদক প্ৰধান ড° ৰবীন্দ্ৰ চৌধুৰী আৰু ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ টেকনিকেল ছেয়াৰমেন ষ্টেনলি জনছো। কাইলৈ পুৱা ৫.৩০বজাত ১০০০০মিটাৰ দৌৰৰে আৰম্ভ হ'বলগীয়া এই প্ৰতিযোগিতাত ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে খেলুৱৈসমাজৰ উপস্থিতি কামনা কৰিছে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে।
Comments