গুৱাহাটী, ১১ নৱেম্বৰ : উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰায় তিনি হাজাৰ খেলুৱৈ-বিষয়াৰ অংশগ্রহণেৰে আজিৰে পৰা মেঘালয়ত আৰম্ভ হৈছে দ্বিতীয় নৰ্থ-ইষ্ট অলিম্পিক গেমছ- ২০২২ । শ্বিলঙৰ ছাইৰ এথলেটিক্ছ ষ্টেডিয়ামত কালি বিয়লি প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে মেঘালয় অলিম্পিক সন্থা আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় নর্থ-ইষ্ট অলিম্পিক গেম্ছত অসমৰো এটা বৃহৎ দলে অংশ লৈছে।
এই উদ্বোধনী অনুষ্ঠানত চিফ দ্য মিছন তপন দাসৰ নেতৃত্বত অসমৰ প্ৰায় ২৮০ জনীয়া এটা দলে ভাগ লয়। অসম দলৰ ধ্বজাবাহক আছিল প্ৰতিভাৱান বক্সাৰ ইমদাদ হুছেইন। উল্লেখ্য যে ইমদাদে তিনিখন খেলো ইণ্ডিয়া যুৱ গেছত অংশ লৈ অসমক এতিয়ালৈকে এটা সোণ,এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক দিছে।
আনহাতে, জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিঙতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল ইমদাদে। ইফালে, আয়োজকৰ আমন্ত্রণমর্মে অতিথিৰূপে দ্বিতীয় নৰ্থ-ইষ্ট অলিম্পিক গেম্ছলৈ যোৱা অর্জুন বঁটা বিজয়ী অসম কন্যা হিমা দাসেও মাৰ্ছ-পাষ্টৰ সময়ত অসম দলক শুভেচ্ছা দি অংশ লয়। ইফালে, উদ্বোধনী অনুষ্ঠানৰ পিছতে আৰম্ভ হৈছে দ্বিতীয় নর্থ-ইষ্ট অলিম্পিক গেম্ছৰ খেলোঁ।
Comments