গুৱাহাটী,১১ নৱেম্বৰ:টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ পৰাজয়ৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ ৰমিজ ৰাজাই ভাৰতীয় দলটোক কঠোৰ সমালোচনা কৰে । ৰমিজে ক’লে,আইপিএলৰ কোটি কোটি টকাৰ লীগৰ ভাৰতীয় ক্ৰিকেটাৰসকল আমাৰ পিছফালে থাকি গ’ল। শুকুৰবাৰে টি-২০ বিশ্বকাপৰ ফাইনেলৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হয় ৰমিজ ৰাজা। মেলবৰ্ণত সাংবাদিকক সাক্ষাৎ কৰে পিচিবিৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে এনেবোৰ লীগতকৈ পাকিস্তানী ক্ৰিকেটাৰ সকল বহুত ভাল।
বাবৰ আজমৰ দলটোৱে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশৰ সন্দৰ্ভত পাকিস্তান ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে কয় যে, এই বিশ্বকাপ আৰু ১৯৯২ চনৰ বিশ্বকাপৰ মাজত বহু সাদৃশ্য মই দেখিবলৈ পাওঁ। সকলো সম্ভাৱনা প্ৰায় শেষ হোৱাৰ পিছতো ক্ৰিকেটাৰসকলে নিজৰ ওপৰত বিশ্বাস হেৰুওৱা নাছিল।
বহুখিনি '৯২ বিশ্বকাপৰ দৰেই। সেইবাৰ ফাইনেলৰ আগতে আমি অলপ ভয় খাইছিলো। কিন্তু বাবৰে এইবাৰ উপভোগ কৰি আছে। সিহঁতক দেখি ভাল লাগে।মই তেওঁলোকক ১৯৯২ চনৰ ফাইনেলৰ কথা কৈছিলো। ফাইনেলৰ আগতে ইমৰানে কোৱা কথাখিনি মই তেওঁলোকক কৈছিলো। দলীয় বৈঠকত ইমৰানে কয় যে ৯০ হাজাৰ লোক অপেক্ষা কৰি আছে। আমাৰ ক্ৰিকেট কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে এনে সুযোগ নাহে। আমি মাত্ৰ ফাইনেল খেলিম আৰু জয়ী হ'ম।''
Comments