Cartoon
View Older
গুৱাহাটী, ৯ নৱেম্বৰঃ বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
ইয়াৰ লগতে শতাধিক গায়ন-বায়নেৰে কলা-সংস্কৃতি প্ৰদৰ্শনেৰে এক সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। লগতে আন বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়।
আজিৰ এই ৰূপালী জয়ন্তী বৰ্ষ শুভাৰম্ভণী অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, মন্ত্রী অতুল বৰা, সাংসদ পবিত্র মাৰ্ঘেৰিটা সহ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Comments