গুৱাহাটী,৮ নৱেম্বৰ:৩০ বছৰৰ পাছতো পাকিস্তানৰ ভূতে নিউজিলেণ্ডক খেদি ফুৰিছিল । আকৌ এবাৰ বিশ্বকাপৰ ছেমি ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হ'ল কিৱী বাহিনী । নিউজিলেণ্ডক সহজে পৰাস্ত কৰি বাবৰ আজমবাহিনীয়ে আজি টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে । ৭ উইকেটত পৰাস্ত কৰিলে কেন উইলিয়ামচন নেতৃত্বাধীন নিউজিলেণ্ডক ।
এই যুদ্ধ আৰম্ভ হৈছিল ১৯৯২ চনৰ এদিনীয়া বিশ্বকাপৰ পৰা। নিউজিলেণ্ডৰ ঘৰুৱা খেলপথাৰত ছেমি ফাইনেলত ইমৰাণ খানৰ পাকিস্তানে তেওঁলোকক পৰাস্ত কৰিচিল । প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰান সংগ্ৰহ কৰে। মাৰ্টিন ক্ৰ’ৱে ৯১ ৰান সংগ্ৰহ কৰিছিল । পাকিস্তানৰ হৈ ৱাছিম আক্ৰাম আৰু মুস্তাক আহমেদে ২টাকৈ উইকেট দখল কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ৪ উইকেটত জয়লাভ কৰে। জাভেদ মিয়ান্দাদে ৫৭ আৰু ইনজামাম উল হকে ৬০ ৰান সংগ্ৰহ কৰে। ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি পাকিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰে।
সাত বছৰৰ পাছত পুনৰ একেই ভাবমূর্তি দেখা গ’ল এদিনীয়া বিশ্বকাপৰ ফাইনেলতো। মানচেষ্টাৰত প্ৰথম বেটিং কৰি ষ্টিফেন ফ্লেমিংৰ নিউজিলেণ্ডে ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰে। অৰ্ধশতকৰ পূৰ্বে ফ্লেমিং, ৰজাৰ টুজ, ক্ৰীছ ক্ৰিয়েন্সে ভাল আৰম্ভণি কৰিছিল। তাৰপিছটো ডাঙৰ স্ক'ৰ নহ’ল। পাকিস্তানৰ হৈ শ্বোৱেইব আখতাৰে ৩টা আৰু ৱাছিম আক্ৰাম,আব্দুল ৰজ্জাকে ২টাকৈ উইকেট দখল কৰে। বেটিং কৰিবলৈ ১৫টা বল বাকী থকা অৱস্থাত পাকিস্তানে ৯ উইকেটত জয়লাভ কৰে। অ’পেনাৰ ছাইদ আনোৱাৰে শতক অৰ্জন কৰে। আন এজন অ’পেনাৰ ৱাজাতুল্লাহ ৱাষ্টীয়ে ৮৪ ৰান সংগ্ৰহ কৰে। যদিও সেইবাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল আক্ৰামবাহিনী ।
টি-২০ বিশ্বকাপতো এদিনীয়া বিশ্বকাপৰ ধাৰা অব্যাহত আছে। ২০০৭ চনত দুয়োটা দলে প্ৰথম টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পুনৰ মুখামুখি হয়। কেপ টাউনত প্ৰথম বেটিং কৰি নিউজিলেণ্ডে ৮ উইকেট হেৰুৱাই ১৪৩ ৰান সংগ্ৰহ কৰে। ৰছ টেইলৰে অপৰাজিত ৩৭ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ উমৰ গুলে ৩ আৰু ফাৱাদ আলমে ২ উইকেট দখল কৰে। সেই মেচখনতো পাকিস্তানে ৭টা বল বাকী থকা অৱস্থাত জয়লাভ কৰে। অ’পেনাৰ ইমৰাণ নাজিৰে ৫৯ ৰান সংগ্ৰহ কৰে। সেইবাৰ পাকিস্তানে ৬ উইকেটত জয়লাভ কৰি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হয়।
Comments