গুৱাহাটী,৯ নৱেম্বৰ:এটা সময়ত ছেমি ফাইনেলত প্ৰৱেশৰ ক্ষেত্ৰত পাকিস্তান অনিশ্চিত হৈ পৰিছিল । এতিয়া নিউজিলেণ্ডক হৰুৱাই টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে পাকিস্তান । বুধবাৰে ছিডনীত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত কেন উইলিয়ামছনৰ নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰিলে পাকিস্তানে । প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ৪টা উইকেট হেৰুৱাই ১৫২ ৰান সংগ্ৰহ কৰে । ডেৰিল মিচেলে অৰ্ধশতক অৰ্জন কৰে । কিন্তু মহম্মদ ৰিজৱান আৰু বাবৰ আজমৰ যুটিয়ে পাকিস্তানৰ বিজয়ৰ পথ সুগম কৰি তোলে ।
ইয়াৰ লগে লগে বাবৰ আজমৰ পাকিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰি মেলবৰ্ণৰ টিকট নিশ্চিত কৰে । বৃহস্পতিবাৰে এডিলেইডত ইংলেণ্ডক পৰাস্ত কৰিলে ভাৰতে দেওবাৰে মেলবৰ্ণত মুখামুখি হ'ব পাকিস্তানৰ সৈতে । যদি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে তেন্তে বাবৰ ফর্মলৈ ঘূৰি অহাটো তেওঁলোকৰ বাবে এটা ডাঙৰ চিন্তাৰ বিষয় হ’ব । বৰ্তমানলৈকে বাবৰে একেবাৰে ৰান পোৱা নাছিল । যাৰ বাবে দলটোৱে বাৰে বাৰে ক্ষতিগ্ৰস্ত হ’বলগীয়া হৈছিল। অপেনিং যুটিটোৱে কোনো এখন মেচতে ডাঙৰ ৰান কৰিব পৰা নাছিল। মহম্মদ ৰিজৱানে এতিয়াও এখন বা দুখন মেচত ভাল খেলিছিল। কিন্তু বাবৰৰ বেটৰ পৰা ৰান আহি থকা নাছিল। সেই নাটনি বুধবাৰে পূৰণ হ’ল।
Comments