গুৱাহাটী,১৪ নৱেম্বৰ:সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো কালি ৰাষ্ট্ৰীয় লোক আদালত পালন কৰা হয়। এই উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ লোক আয়োগৰ আদালতত গ্ৰাহকৰ গোচৰ নিষ্পত্তি অনুষ্ঠান অনুষ্ঠিত হয়। এই লোক আদালতত বিভিন্ন সময়ত পঞ্জীয়ন হোৱা প্ৰায় কুৰিটা বিভিন্ন গোচৰৰ সন্দৰ্ভত গোচৰীয়া পক্ষ আৰু পদকীয়া পক্ষৰ মাজত আলোচনাৰ মাধ্যমেৰে গোচৰসমূহ ঠাইতে নিষ্পত্তি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। সেই উপলক্ষে গোচৰসমূহৰ এটা গোচৰ আদালতত নিষ্পত্তি হয়।
উল্লেখ্য, এই লোক আদালতৰ জৰিয়তে গোচৰ নম্বৰ ১২/২২ ডাঃ কিংকৰ মহন্ত আৰু সুনীল কুমাৰ জৈনৰ মাজত চলি থকা গোচৰৰ বিবাদ নিষ্পত্তি হোৱাৰ লগতে গোচৰীয়াই পাবলগীয়া ধন চেক্ যোগে প্রদান কৰাৰ লগতে লোক আদালতত দুয়োপক্ষৰে সন্মতিত এই গোচৰ মীমাংসা কৰা হয়।
ডিব্ৰুগড় জিলা লোক আয়োগৰ সভাপতি পলাশ ৰঞ্জন কটকী, সদস্য যাদৱ গগৈ আৰু পৰামৰ্শদাতা হিচাপে উপস্থিত থাকে অধিবক্তা নমিতা নেওগ। এইসকল ব্যক্তিৰ জৰিয়তে গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে বিশেষভাৱে পদক্ষেপ গ্রহণ কৰা হয় আৰু পৰৱৰ্তী সময়তো এই ধৰণৰ ব্যৱস্থাৰ জৰিয়তে গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি যাব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে যোৱা ৫ তাৰিখতো এনেধৰণৰ উদ্যোগ লোৱা হৈছিল আৰু অহা ডিচেম্বৰ মাহত পুনৰ এনেধৰণৰ লোক আদালত অনুষ্ঠিত হ'ব বুলি আদালত সূত্ৰই জানিবলৈ দিয়ে।
Comments