ধেমাজি , ১৪ নৱেম্বৰ: জনজাতিকৰণৰ দাবীত ধেমাজিৰ বৰদলনিত কোঁচ ৰাজবংশী সন্মিলনী আজি ৰেলপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনী আহ্বানত যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলাৰ সন্মিলনীৰ সহযোগত কোঁচ ৰাজবংশী সহস্ৰাধিক লোকে ৰাষ্ট্ৰীয় ঘাইপথ পৰা সমদল কৰি ধেমাজিৰ বৰদলনি পদুমনি ৰে'ল গে'টৰ সন্মুখত ৰেলপথ অৱৰোধ কৰে ৷
বিজেপি চৰকাৰখনক ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ছয়জনগোষ্ঠীক জন - জাতিকৰণৰ মৰ্যাদা নিদিলে অনাগত দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ চৰকাৰৰ সদিচ্ছাহীনতাক সমালোচনা কৰি কোঁচ ৰাজবংশী নেতৃত্বই কেন্দ্ৰ ৰাজ্য উভয়তে শাসনৰ বাঘজৰী লোৱা বিজেপি চৰকাৰক ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত পূৰ্বৰ দৰে প্ৰতাৰণা নকৰিবৰ আহ্বান জনায় ৷ ৰেলপথ অৱৰোধৰ বাবে গোগামুখ ষ্টেশ্যনত ৰঙিয়া - মূৰ্কংচেলেক অহা ৰেলখন কিছু সময় ৰখাই দিয়া হয় ৷
Comments