গুৱাহাটী,১৪ নৱেম্বৰ:ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ পৰা প্ৰায় ৮ কিল'মিটাৰ দূৰত্বত অৱস্থিত আমগুৰি গাঁৱত কালি ২০২০- ২১ বৰ্ষৰ আনটাইড ফাণ্ডৰ ১০ লাখ টকাৰ এক অভিলাষী আঁচনিৰে নিৰ্মিত । শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ এটি বিদ্যালয় গৃহ আনুষ্ঠানিকভাৱে মুকলি কৰে ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ পৰিক্ৰমা দপ্তৰৰ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে । এই উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এটি প্রার্থনাৰে আৰম্ভ কৰা এক অনুষ্ঠানত সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ সভাপতি কুল হাজৰিকাই ।
শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাত দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ । সাংসদ ৰামেশ্বৰ তেলীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ অধীনৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত আৰু শৈক্ষিক আৰু সামাজিক দিশত গ্ৰহণ কৰা বিভিন্ন দিশৰ বিষয়ে আলোচনা আগবঢ়ায়।
অনুষ্ঠানত টেঙাখাত জিলা পৰিষদৰ সদস্যা লিপিকা ভূঞা বৰুৱা, ৰংচঙী । আঞ্চলিক পঞ্চায়তৰ সদস্যা কৃষ্ণা লিকচন, মাউদ চাহ বাগিচাৰ পৰিচালক অৰবিন্দ কুমাৰ সিং, জনকল্যাণ বিষয়া শেখৰ তাঁতী, বিজেপিৰ নেতা প্রিয়নাথ চেতিয়া, সাংবাদিক তিলক ফুকন প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে । অতিথিসকলৰ সৈতে চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত গগৈয়ে ।
Comments