গুৱাহাটী,১৪ নৱেম্বৰ:আজি অৰ্থাৎ ১৪ নৱেম্বৰত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উদযাপন কৰা হৈছে । নেহৰুৰ জন্মদিৱসত সমগ্ৰ ভাৰততে শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে । ছাৰ্চ ইঞ্জিন গুগলেও শিশু দিৱস উপলক্ষে এটা বিশেষ ডুডল তৈয়াৰ কৰিছে । য’ত কলকাতাৰ ছাত্ৰ শ্ল’ক মুখাৰ্জীয়ে নিৰ্মাণ কৰা ছবিখন প্ৰদৰ্শন কৰি তেওঁক বিজয়ী হিচাপে ঘোষণা কৰা হৈছে ।
সোমবাৰে গুগলে ২০২২ চনৰ ডুডল ফৰ গুগল প্ৰতিযোগিতাত বিজয়ী ঘোষণা কৰে । এইবাৰ কলকাতাৰ শ্লোক মুখাৰ্জীক ‘ইণ্ডিয়া অন দ্য চেণ্টাৰ ষ্টেজ’ শীৰ্ষক প্ৰেৰণাদায়ক ডুডলৰ বাবে ভাৰতৰ বাবে বিজয়ী ঘোষণা কৰা হয় । সোমবাৰে Google.co.in প্ৰচাৰ কৰা হয় শ্লোকৰ এই ডুডল।তেওঁৰ চিত্ৰকলাৰ সন্দৰ্ভত শ্ল'ক মুখাৰ্জীয়ে কয় যে অহা ২৫ বছৰত মোৰ ভাৰতত মানৱতাৰ উন্নতিৰ বাবে বিজ্ঞানীসকলে পৰিৱেশ অনুকূল ৰবট নিৰ্মাণ কৰিব । ভাৰতে পৃথিৱীৰ পৰা মহাকাশলৈ বহু যাত্ৰা হাতত ল’ব । যোগ আৰু আয়ুৰ্বেদৰ ক্ষেত্ৰত ভাৰত আৰু অধিক উন্নতি সাধন কৰিব আৰু আগন্তুক বছৰবোৰত ভাৰত শক্তিশালী হ’ব ।
Comments