গুৱাহাটী,১৪ নৱেম্বৰ:৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অহা ১৫ নৱেম্বৰত ৬ জনগোষ্ঠী ঐক্য মঞ্চই আহ্বান কৰা অসম বন্ধক লৈ কঠোৰ সকিয়নী অসম আৰক্ষীৰ।সংগঠনটোৱে আহ্বান কৰা অসম বন্ধ উঠাই ল’বলৈ নিৰ্দেশ দি বন্ধৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে অসম আৰক্ষীয়ে।শান্তিৰ বাতাবৰণ নষ্ট কৰি ৰাজপথলৈ ওলাই আহিলেই প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও সকিয়নী প্ৰদান কৰে অসম আৰক্ষীয়ে।
আনহাতে ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও দিলে সকিয়নী।অসম বন্ধ উঠাই লোৱাৰ নিৰ্দেশ দি অসম আৰক্ষীয়ে কয় যে বন্ধৰ নামত ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰিলে ভৰিব লাগিব ক্ষতিপূৰণ।উল্লেখ্য যে, অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানক লৈ চৰকাৰে প্ৰদৰ্শন কৰা হেমাহিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৬ জনগোষ্ঠী ঐক্যমঞ্চ।যাৰ বাবে অহা ১৫ নৱেম্বৰত অসম বন্ধ ঘোষণা কৰিছিল সংগঠনটোৱে।
Comments