গুৱাহাটী,১৩ নৱেম্বৰ: হিমাচল প্ৰদেশৰ পিছত এইবাৰ আহি আছে গুজৰাট বিধানসভাৰ নিৰ্বাচন । আগন্তুক ১ আৰু ৪ ডিচেম্বৰত দুটা পৰ্যায়ত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ'ব। গুজৰাট বুলি ক'লেই শাসকীয় বিজেপি দলৰ বাবে আত্মসন্মান আৰু অহংকাৰৰ বিষয়। কিয়নো, আজিৰ দিনটোত গেৰুৱা দলটোৰ দুই মিাল কাণ্ডাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য এই গুজৰাট।
গুজৰাটৰ দায়িত্ব এৰি মোদীয়ে আহি দেশৰ প্রধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতো ৰাজ্যখনত এতিয়াও চলি আছে বিজেপিৰ শাসন, বিজেপিৰে চৰকাৰ । গতিকে বিজেপি গুজৰাটক লৈ বিশেষভাবে সজাগ আৰু সচেতন । সেয়েহে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে খুব পৰিকল্পিতভাবে সাজু হৈছে গেৰুৱা দলটো । ইতিমধ্যে গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিজেপিয়ে দলটোৰ ৪০ গৰাকী শীর্ষ নেতাক লৈ প্ৰস্তুত কৰিছে ষ্টাৰ কেম্পেইনাৰ বা তাৰকা প্ৰচাৰকৰ এক তালিকা I তাৰ ভিতৰত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ডঃ হিমন্ত বিশ্ব শৰ্মাও আছে৷
Comments