গুৱাহাটী, ১৪ নৱেম্বৰ : প্ৰগতিবাদী সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদে আজি অসমৰ বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁইক তেওঁৰ নিজৰাপাৰৰ ঘৰত গৈ জীৱনজোৰা প্ৰগতিশীল সাহিত্য সাধনা বঁটা প্রদান কৰে। এই সন্দৰ্ভত ড° গোহাঁইৰ চোতালত অনুষ্ঠিত এক অন্তৰংগ অনুষ্ঠানত বিশিষ্ট চিন্তাবিদগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত ড° গোহাঁইলৈ ফুলাম গামোচা, জাপি, পৰিষদৰ বিশেষ স্মাৰক প্ৰতীক আৰু সম্বৰ্ধনা-পত্র আগবঢ়োৱা হয়।
বঁটা গ্ৰহণ কৰি নতুন সাহিত্য পৰিষদৰ সৈতে থকা নিজৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু একে আদৰ্শৰে কাম কৰি থকা অভিজ্ঞতাৰ কথা বুদ্ধিজীৱীগৰাকীয়ে উল্লেখ কৰে। লগতে তেওঁ পৰিষদৰ যোগেদি কলগাছিয়াবাসীক কয় যে সম্প্রতি সাম্প্রদায়িক বিভেদকামী শক্তিয়ে ধর্ম-জাতিৰ নামত হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতি বিনাশ কৰিবলৈ উঠিপৰি লাগিছে। এনে পৰিস্থিতিত স্বাধীন নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে, নিজৰ সুকীয়া পৰিচয় অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সকলোৱে একেলগে গণতান্ত্রিকভাৱে সংগ্রাম কৰি যাব লাগিব এই সংগ্ৰামত গণতন্ত্রবাদী, মানৱতাবাদী সকলো লোক আগবাঢ়ি যাব লাগিব।
উল্লেখ্য যে যোৱা ৪, ৫ আৰু ৬ নৱেম্বৰত বৰপেটা জিলাৰ কলগাছিয়াত অনুষ্ঠিত নতুন সাহিত্য পৰিষদৰ ১৯ সংখ্যক দ্বি-বার্ষিক সন্মিলন উপলক্ষে কলগাছিয়া মিনি ষ্টেডিয়ামৰ জনাকীর্ণ সমাৱেশত অভ্যর্থনা সমিতিয়ে ৬ নৱেম্বৰত বিশিষ্ট বুদ্ধিজীৱীগৰাকীক এই বঁটা প্ৰদানৰ আয়োজন কৰিছিল। কিন্তু শাৰীৰিক দুৰ্বলতাৰ বাবে তেওঁ সেই সমাৱেশত উপস্থিত হ'ব নোৱাৰিলে।
আজি পুৱাৰ ভাগতে অভ্যর্থনা সমিতিৰ সভাপতি ডাঃ ৰেজাউল কৰিম, নতুন সাহিত্য পৰিষদৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক ছোহৰাব আহমেদ, সন্মিলনৰ স্মৃতিগ্ৰন্থ উত্তৰণৰ সম্পাদক ড° চুলতান আলী আহমেদ সমন্বিতে কলগাছিয়াৰ দলটোৰ লগত সংগঠনটোৰ গুৱাহাটীস্থ ৰাজ্যিক নেতৃত্বয়ো আহি যোগ দিয়ে। অনুষ্ঠানৰ আৰম্ভণিতে অভ্যর্থনা সমিতি আৰু পৰিষদৰ কর্মকর্তাসকলে ড° গোহাঁইক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত ড° পৰমানন্দ মজুমদাৰ, ড° ৰজনীকান্ত দাস, কুমকুম মালাকৰ, প্ৰিয়ম্বদা দাস, সমীন্দ্ৰ হুজুৰি আৰু চোঁহৰাব আহমেদকে ধৰি সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
Comments