গুৱাহাটী,১৪ নৱেম্বৰ : চলিত দ্বিতীয় নর্থ-ইষ্ট অলিম্পিক গেমছ ২০২২ ত অসমৰ খেলুৱৈৰ পদক জয়ৰ গৌৰৱময় সফলতা অব্যাহত আছে। আজি অসমে টাইকোৰানড', শুটিং, সাঁতোৰ, গলফ, উশু, এথলেটিক্ছ আৰু জুডোত পদক লাভ কৰে। শেহতীয়া খবৰ অনুসৰি অসমে ২২ টা সোণ, ১৩ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জসহ মুঠ ৪৬ টা পদক লাভ কৰি শীৰ্ষত আছে।
প্রতিযোগিতাৰ টাইকোৱানড'ৰ জুনিয়ৰ শাখাত অসমে চাৰিটা সোণ লাভ কৰিছে। নয়ত্রী চেতিয়াই ৫২ কেজিৰ তলৰ মহিলাৰ শাখাত, অংশিখা সিঙে ৪৯ কেজিৰ তলৰ মহিলা শাখাত, দেবাশিষ চেতিয়াই ৪৮ কেজিৰ তলৰ পুৰুষ শাখাত আৰু ৰাহুল ফুকনে ৫১ কেজিৰ তলৰ পুৰুষ শাখাত সোণ লাভ কৰে। ইফালে টাইকোৱানড'ত হিয়া লুনিয়াই ৪৪ কেজিৰ তলৰ মহিলা শাখাত তথা অভিষেক কাশ্যপে ৪৫ কেজিৰ তলৰ পুৰুষ শাখাত অসমৰ হৈ ৰাপৰ পদক লাভ কৰে। আনহাতে, নিশা দলে ৪৬ কেজি তলৰ মহিলা শাখাত, কে দেবৰাজ সিঙে ৬৩ কেজিৰ তলৰ পুৰুষ শাখাত, আবুজাম পইৰেইটন লুৱাতে ৫৯. কেজিৰ তলৰ পুৰুষ শাখাত আৰু লিপু সোনোৱালে ৫৫ কেজিৰ তলৰ পুৰুষ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।
ইফালে টাইকোৱানড'ৰ ছিনিয়ৰ শাখাত অসমৰ বংশিখা বৰুৱাই ৫৭ কেজিৰ তলৰ মহিলাৰ শাখাত সোণ লাভ কৰে। আনহাতে, জয়শ্ৰী ৰাণী কোঁৱৰে ৬২ কেজিৰ তলৰ মহিলাৰ শাখাত, তৃষ্ণামণি বৰ্মনে ৬২ কেজিৰ ঊৰ্ধ্বৰ মহিলা শাখা, বিতু গগৈয়ে ৫৪ কেজিৰ তলৰ পুৰুষ শাখাত আৰু সুজ কুমাৰ শাহে ৫৮ কেজিৰ তলৰ পুৰুষ শাখাত ৰূপৰ পদক লাভ কৰে।
তদুপৰি থাপনা সন্দিকৈয়ে ৪৬ কেজিৰ তলৰ মহিলা শাখাত, দীপজ্যোতি বৰ্মন ৬৮ কেজিৰ তলৰ পুৰুষ শাখাত, বিংহাৰ ৰামচিয়াৰীয়ে ৭৪ কেজিৰ তলৰ পুৰুষ শাখাত আৰু উদিপ্ত বৰাই ৮০ কেজিৰ তলৰ পুৰুষ শাখাত ব্ৰঞ্জ অর্জন কৰে। শুটিঙতো অসমৰ খেলুৱৈয়ে প্রত্যাশিত সফলতা লাভ কৰিছে। পুৰুষৰ ১০ মিটাৰ ৰাইফল শাখাত সোণ লাভ কৰে অসমৰ সিদ্ধান্ত চেতাজীয়ে (৬১৭.২)। ইফালে মহিলাৰ ১০ মিটাৰ ৰাইফল শাখাত অসমৰ শ্ৰেয়াসী মজুমদাৰে (৬২৩.৭) সোণ আৰু নাইনি দেৱীয়ে (৬১৯.৫) ব্রঞ্জ লাভ কৰে। আনহাতে, শ্রেয়াসী, নাইনি আৰু সুদীপ্তা শৰ্মাৰ দ্বাৰা গঠিত অসম মহিলা দলে মহিলাৰ ১০ মিটাৰ ৰাইফলৰ দলীয় শাখাৰ সোণ লাভ কৰিবলৈ সক্ষম হয়। ইফালে পুৰুষৰ ১০ মিটাৰ ৰাইফলৰ দলীয় শাখাত অসমে ৰূপৰ পদক লাভ কৰে। মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত অসমৰ সপোন সন্ধাই সোণ লাভ কৰাৰ বিপৰীতে ২৫ মিটাৰ পিষ্টলৰ পুৰুষ শাখাত সোণ লাভ কৰে অসমৰ অম্বশি ভদ্বাজে।
২৫ মিটাৰ পিষ্টল শাখাৰ দলীয় সোণ অসমৰ পুৰুষ আৰু মহিলা দলেই লাভ কৰিবলৈ সক্ষম হয়। সাঁতোৰত আজি অসমে পুনৰ পদক লাভ করে। ৫০ মিটাৰ মিক্সড ফ্ৰীষ্টাইল ৰেলীত আজি অংশুমান কাশ্যপ, জনায় জ্যোতি হাজৰিকা, জাহ্নবী কাশ্যপ আৰু দৰ্শিতা বৰুৱাৰ দ্বাৰা গঠিত অসম দলে সোণ লাভ কৰে। ইফালে পুৰুষৰ ৫০ মিটাৰ বাটারফ্লাইত অসমৰ জনঞ্জয় জ্যোতি হাজৰিকাই (২৫.৩৯) সোণ আৰু আদিত্য থাপাই (২৬.২৩) ৰূপ লাভ কৰে। ইফালে মহিলাৰ ৫০ মিটাৰ বাটারফ্লাইত অসমৰ জাহ্নবী কাশ্যপে (৩০.৪৫) সোণ আৰু নিৰ্ব্বতি দত্তই (৩২.৭৩) ৰূপ লাভ কৰে।
তদুপৰি পুৰুষৰ এশ মিটাৰ বেক ষ্ট্ৰকত অসমৰ বনদ্বীপ মেধিয়ে (১.০৫.৩৫) সোণ আৰু নিশান্ত বুঢ়াগোহাঁয়ে ৰূপ (১.০৫.৫৩) ৰূপ লাভ কৰে। ইফালে গল্ফত অসমে পাঁচটা সোণ আৰু দুটাকৈ ৰূপ তথা ব্ৰঞ্জ লাভ কৰে। অসমে দলীয় শাখাত সোণ লাভ কৰাৰ লগতে স্নিগ্ধা। গোস্বামী দুটা সোণ পায়। তদুপৰি দেবেন ভূমিজ আৰু জাকিৰ হুছেইনেও স্বর্ণ জয় কৰে। আনহাতে, জাকিৰ হুছেইনে এটা ৰূপ লাভ কৰাৰ লগতে বিকি দত্তয়ো ৰূপ অর্জন কৰে।
ইফালে ব্ৰঞ্জৰ পদক দখল কৰে দীপৰাজ চেতিয়া আৰু নাগেশ সিঙে। উদ্ধৃত অসমে দুটা সোণ, ছটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জসহ মুঠ ১৩ টা পদক পায়। ছান্দা ল'ৰাৰ ৪৮ কিল'গ্ৰামৰ তলৰ শাখাত বিক্রম থাপা আৰু ৭৫ কিল'গ্ৰামৰ তলৰ শাখাত নিকেশ মণ্ডলে সোণৰ পদক লাভ কৰে। আনহাতে, জিলিৰ নাৰ্জাৰী, প্ৰমোদ বয় যমুনা থাপা, প্রতীক্ষা নাজৰী, তন্ময় বড়ো আৰু বৰ্ষাদিয়া বৰদলৈয়ে ৰূপৰ পদক লাভ কৰে। ব্ৰঞ্জ অৰ্জন কৰে লক্ষ্মীবাটি দেউৰী, কৰিলানী ব্ৰহ্ম, আকাশ প্রধান, হিৰণ্য সোনোৱাল আৰু নিষ্ঠা দত্তই ব্ৰঞ্জৰ পদক লাভ কৰে।
ইফালে এথলেটিক্স্থত অসমে চাৰিটা সোণ আৰু পাঁচটা ৰূপ লাভ কৰে। পুৰুষৰ জেভলিন এত মনোজ স্বর্গিয়াৰী, পুৰুষৰ ১০০ মিটাৰত অৰূপজ্যোতি, হাইজাম্পত লাইমন আৰু পুৰুষৰ ২০০ মিটাৰত মাধুৰ্য শইকীয়াই সোণ লাভ কৰে। তদুপৰি ৰূপ অৰ্জন কৰে মহিলা ৮০০ মিটাৰত পৰিণীতা ভূঞা, মহিলাৰ জেভলিন থ্ৰ'ত বংগিলা মাঝি, মহিলাৰ ২০০ মিটাৰত পৰ্মিতা দাস আৰু লং জাম্পত বন্দিতা দাসে। জুডোতে অসমে এটা সোণ আৰু এটা ৰূপ লাভ কৰে। ৫০ কেজিত মানৱ দেৱে সোণ লাভ কৰাৰ বিপৰীতে ৪৪ কেজিত শিল্পীশিখা শৰ্মাই ৰূপ লাভ কৰিছে। ইফালে অসমৰ আঠগৰাকী বক্সাৰে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে।
Comments