গুৱাহাটী,১৪ নৱেম্বৰ : গুৱাহাটী দেশভক্ত তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত চলি থকা সদৌ অসম আন্তঃজিলা টেবুল টেনিছৰ আজি দলীয় শাখাৰ খেলসমূহ অন্ত পৰে। পুৰুষৰ শাখাত - চেম্পিয়নৰ খিতাপ দখল কৰে গুৱাহাটী দলে। আনহাতে, ৰানাৰ্ছ আপ দখল কৰে ডিব্ৰুগড়ে। ফাইনেলত ৩-১৩ পৰাস্ত কৰি চেম্পিয়ন হয় গুৱাহাটী দলটো।
গুৱাহাটী দলৰ হৈ প্ৰতিনিধিত্ব কৰে প্ৰিয়ানুজ ভট্টাচার্য, দিব্যাজ ৰাজখোৱা, বিবেক ৰাভা, হৃদয়জ্যোতি শৰ্মা আৰু শোণিত গগৈয়ে। ইফালে মহিলা দলীয় শাখাতো গুৱাহাটীয়ে শিৱসাগৰক ৩-০ত পৰাস্ত কৰি চেম্পিয়ন হয়। দলটোত আছিল হৰ্ষিতা দাস, আকাংক্ষা ডেকা, কৃতিকা উপাধ্যায়, আদিজা শৰ্মা আৰু জিতাক্ষী মজুমদাৰ।
আনহাতে, ৰানাৰ্ছ আপ ডিব্ৰুগড়ৰ পুৰুষ দলটোত আছিল কৌশিক ফুকন, ছাইদুল আলম বৰা, জিড়ান গগৈ, চাণক্য গগৈ আৰু অপ্ৰতিম গগৈ। ইফালে মহিলা ৰানাৰ্ছ আপ শিৱসাগৰ দলটোত আছিল আকাংক্ষা বৰপূজাৰী, অমনা ছৰিফ ৰহমান, অউস্মা দাস, ছানিয়া আহমেদ আৰু দেবাশনা পৰাশৰ।
তেনেদৰে ১৯ অনুৰ ছোৱালী দলীয় শাখাত গুৱাহাটীয়ে ৩-০৩ শিৱসাগৰক, ল'ৰাৰ শাখাত গুৱাহাটীয়ে ৩-০ত ডিব্ৰুগড়ক, ১৭ অনূর্ধ্বৰ ছোৱালী দলীয় শাখাত গুৱাহাটীয়ে ৩-০ত শিৱসাগৰক, ল'ৰাৰ শাখাত গুৱাহাটীয়ে ডিব্ৰুগড়ক ৩-০৩, অনূর্ধ্বৰ ১৫ ছোৱালী দলীয় শাখাত গুৱাহাটীয়ে ৩-০৩ ডিব্ৰুগড়ক ল'ৰাৰ শাখাত ডিব্ৰুগড়ে ৩-০৩ গুৱাহাটীক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। বাকী শাখাৰ ফাইনেল খেলসমূহ অনুষ্ঠিত হৈ আছে।
Comments