নলবাৰী,১৪ নৱেম্বৰ: বলিউডৰ মোহ ময়ী অভিনেত্ৰী তথা ড্ৰিম গাৰ্ল খ্যাত হেমামালিনী আজি নলবাৰী ৰাস মহোৎসৱত উপস্থিত হয়।অভিনেত্ৰী গৰাকীক চাবলৈ প্ৰায় দুই লাখ লোকৰ সমাগম ঘটে। লোকে লোকাৰণ্য হৈ পৰা দর্শনাৰ্থী সকলে হাত জোকাৰি হেমামালিনী ক উষ্ম আদৰণি জনায়।নলবাৰী ৰ গণেশ মন্দিৰৰ পৰা পুষ্পসজ্জিত বিলাসী ভিনতেজ বাহনত উঠাই এক বিশাল শোভাযাত্ৰা কৰি নলবাৰী হৰিমন্দিৰ লৈ আদৰি অনা হয়।
তেওঁক গণেশ মন্দিৰত উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু বিষয়ববীয়াই মথুৰা সমষ্টিৰ সাংসদ হেমামালিনীক শৰাই,জাপি,মুগাৰ ফুলাম গামোচা,পাটৰ মেখেলা-চাদৰ,মুগাৰ মেখেলা-চাদৰ আৰু থলুৱা খাদ্য সম্ভাৰেৰে আদৰণি জনায়।ইয়াৰ পিছতে হৰিমন্দিৰৰ মূল মণ্ডপত হেমামালিনীয়ে সেৱা জনায়।তেওঁ শংকৰদেৱ কলাক্ষেত্ৰৰ দ্বাৰা ৰূপায়িত জীৱন্ত ৰাস উদ্বোধন কৰে।
তেওঁ কয় যে-মই মথুৰা,বৃন্দাবন ৰ সৈতে জড়িত।সেই ৰামায়ণ-মহাভাৰতৰ যুগতে ভগবান শ্ৰী কৃষ্ণই বৃন্দাবনত ৰাস ক্ৰীড়া কৰিছিল গোপীৰ সৈতে।মানৱ প্ৰেম আৰু আধ্যাত্মিক চিন্তাৰে মানুহৰ মাজত ভক্তি ৰস সৃষ্টি কৰা ভগবান শ্ৰী কৃষ্ণৰ ৰাস লীলাক নলবাৰী তো মৃণ্ময় মূৰ্তিৰ যোগেদি উপস্থাপন কৰি হৰি মন্দিৰ সমিতিয়ে মানৱ প্ৰেমৰ বাৰ্তা বিলাইছে।উল্লেখযোগ্য মোহ ময়ী অভিনেত্ৰী গৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা ও উপস্থিত আছিল ।।
Comments