গুৱাহাটী, ১২ নৱেম্বৰঃ ইলন মাস্কৰ অনুৰাগীসকলে টেছলা আৰু টুইটাৰৰ মালিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে তেওঁৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। ইয়াৰ লগতে সকলোৱে এই বিষয়ত ধেমেলীয়া প্ৰতিক্ৰিয়া ভাগ বতৰা কৰি আছে।
কিন্তু ইয়াৰ নিৰ্মাণত ব্যয় হোৱা মূল্যই সকলোকে হতবাক কৰি তুলিব। তেওঁৰ এজন বিশেষ অনুৰাগীয়ে তেওঁৰ সন্মানত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। ইলনৰ এই ছাগলী সদৃশ প্ৰতিমূৰ্তিটোৰ ওপৰত সকলোৱে ধেমেলীয়া মন্তব্য আৰু সমালোচনা কৰি আছে।
ইলন মাস্কৰ প্ৰতিমূৰ্তিটোৰ এটা ৰকেটৰ ওপৰত আছে, পিছফালৰ শৰীৰটো ছাগলীৰ আছে। যাক ইলন গ'ট (greatest of all times) বুলি কোৱা হয়। ইয়াৰ মূল্য ৬,০০,০০০ আমেৰিকান ডলাৰ (প্ৰায় ৪.৮ কোটি টকা)। এই প্ৰতিমূৰ্তিটোৰ আকাৰ প্ৰায় ৫ ফুট আৰু ৯ ইঞ্চি। এয়া কানাডিয়ান ভাস্কৰ্যশিল্পী কেভিন আৰু মিচেল ষ্টোনে নিৰ্মাণ কৰিছে। প্ৰতিমূৰ্তিটো এলুমিনিয়ামেৰে নিৰ্মিত।
Comments