গুৱাহাটী,১৩ নৱেম্বৰ: ডিমৌ ক্রিকেট সন্থাৰ নতুন সমিতিখন অলপতে গঠন কৰা হয়। আজি এই বিষয়ে ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে ডিমৌ ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলে।
সংবাদমেলত প্ৰকাশ কৰা অনুসৰি অলপতে ৰাইচাই ক্ৰীড়াংগণত অনুষ্ঠিত সাধাৰণ সভাত হেম চেতিয়াক সভাপকি, হিলদুল গগৈক কাৰ্যকৰী সভাপতি, বীৰেন্দ্ৰ গগৈক সাধাৰণ সম্পাদক, উমেশ চেতিয়াক কোষাধ্যক্ষ হিচাপে লৈ ১৯ জনীয়া ত্রি-বার্ষিক কার্যনির্বাহক সমিতিখন গঠন কৰে। উক্ত সাধাৰণ সভাতে অসম ক্রিকেট সন্থাই ডিমৌ ক্ৰিকেট সন্থাৰ অধীনত ডিমৌত, ডিমৌ ক্রিকেট একাডেমীক স্বীকৃতি প্রদান কৰাৰ বিষয়েও আলোচনা কৰা হয়।
সভাতে ডিমৌ ক্রিকেট একাডেমীখন সুচাৰুৰূপে পৰিচালনাৰ বাবে দুলেশ্বৰ বেজবৰুৱাক সভাপতি, তাৰিণী মোহন গগৈক সম্পাদক, শান্তনু চেতিয়াক কোষাধ্যক্ষ ৰূপে মনোনীত কৰি ১২ জনীয়া সমিতি গঠন কৰা হয়। সাধাৰণ সভাতে অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সেই সময়ৰ সম্পাদক তথা বৰ্তমানৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ বৰ্ডৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াক ডিমৌ ক্রিকেট সন্থাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
সংবাদমেলত সন্থাৰ বিষয়ববীয়া হিলদুল গগৈয়ে প্রকাশ কৰে যে ডিমৌ ক্রিকেট সন্থাৰ খেলুৱৈ ক্ৰমে— সুদর্শন বৰগোহাঁই, পল্লৱজ্যোতি গগৈ, চিন্ময় বৰগোহাঁই আৰু মনোজ তাঁতীয়ে ৰাজ্যিক দলক প্রতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল ফল দেখুৱাইছে।
তদুপৰি জিলা পৰ্যায়ত চলিত বৰ্ষত চিন্ময় বৰগোহাঁয়ে শিৱসাগৰ জিলাৰ হৈ ১৯ অনূর্ধ্ব দলৰ নেতৃত্ব প্ৰদান কৰিছে। এই পর্যন্ত কমেও চল্লিশজন খেলুৱৈয়ে জিলা দলক প্রতিনিধিত্ব কৰিছে। লগতে ৰাজ্যিক পৰ্যায়ৰ বাছনি শিবিৰলৈ অনুজ চেতিয়া, ঋষভ সন্দিকৈ পাৰ্থ থাকলাৰী, কবীৰ বৰগোহাঁয়ে আমন্ত্ৰিত হোৱাৰ উপৰি ঋষভ সন্দিকৈয়ে ৰঞ্জি বাছনি শিবিৰলৈ আমন্ত্ৰণ লাভ কৰি ডিমৌ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিমৌ ক্রিকেট সন্থাৰ অধীনৰ একাডেমীত বর্তমান ৬৫ জন ল'ৰাই আৰু ৫ গৰাকী ছোৱালীয়ে প্ৰশিক্ষণ লৈ আছে বুলিও ডিমৌ ক্রিকেট একাডেমীৰ সম্পাদক তাৰিণী মোহন গগৈয়ে জানিবলৈ দিয়ে।
Comments