গুৱাহাটী,১৩ নৱেম্বৰ: তিনিচুকীয়া জিলা সাহিত্য সভাৰ একবিংশতিতম দ্বি-বার্ষিক অধিৱেশনখন অহা ১৬ আৰু ১৭ জানুৱাৰীত ডিগবৈৰ ওচৰৰ বালিজানত অনুষ্ঠিত হ'ব। যোৱা ৮ নৱেম্বৰত মাকুমস্থিত জিলা সমিতিৰ কাৰ্যালয় যুগল কিশোৰ কেষাণ ভৱনত জিলা সভাপতি অর্জুন বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত জিলা কার্যনির্বাহক সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে। জিলাখনৰ অতি সক্ৰিয় বালিজান -জান শাখা সাহিত্য সভাৰ আতিথ্যত অধিৱেশন অনুষ্ঠিত হ'ব। তাৰ উপৰি নতুনকৈ জিলা সমিতি গঠনৰ বাবে সভাপতি, উপ-সভাপতি আৰু সম্পাদক নিৰ্বাচনৰ প্ৰক্ৰিয়া অহা ১৪ নৱেম্বৰত আৰম্ভ হ'ব বুলি জনা গৈছে। জিলাখনৰ শাখা সাহিত্য সভাসমূহৰ নতুন সমিতি গঠন প্রক্রিয়া অহা ডিচেম্বৰ মাহৰ ভিতৰত সমাপ্ত কৰিবলৈ আজিৰ সভাই নিৰ্দেশনা দিয়ে।
আজিৰ সভাখনতে অসম সাহিত্য সভাৰ সভাপতি, উপ- সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচনৰ বেলট পেপাৰসমূহ শাখাসমূহক প্ৰদান কৰা হয় আৰু অহা ১৩ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ শাখাসমূহে যাতে ডাকযোগে তিনিচুকীয়াৰ প্রধান ডাকঘৰৰ ঠিকনাত জিলা সম্পাদকলৈ পূৰ্ণ কৰা বেলটসমূহ খামত ভৰাই চিল্ড কৰি প্ৰেৰণ কৰে তাৰ অনুৰোধ জনোৱা হয়।
জিলা অধিৱেশনত উন্মোচন কৰিব পৰাকৈ এখন জিলা পত্রিকা প্রকাশৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ জিলা পত্রিকা সম্পাদক অৰুণিমা সন্দিকৈক আজিৰ সভাই দায়িত্ব অর্পণ কৰে। দুবছৰৰ মূৰে মূৰে জিলা সমিতিৰ উদ্যোগত প্রতিখন অধিৱেশনত প্ৰদান কৰি অহা ননী নেওগ সোঁৱৰণী বঁটা প্ৰদানৰ বাবে জিলাখনৰ এগৰাকী দুখীয়া ধৰ্মপ্ৰাণা মহিলা বাছনিৰ বাবে সৌমিত্ৰ গগৈক আহ্বায়ক হিচাপে লৈ সভাই এখন তিনিজনীয়া সমিতি গঠন কৰি দিয়ে।
জিলা সভাপতি অর্জুন বৰুৱাই সভাক অৱগত কৰে যে মৃদুস্মিতা চৌধুৰী নামৰ শিল্পীগৰাকীয়ে জিলা কাৰ্যালয়ৰ সন্মুখত স্থাপন কৰিবলগীয়া দুই স্মৰণীয় (স্বৰ্গীয়) ব্যক্তি যুগল কিশোৰ কেষাণ আৰু সমাজপ্রাণ বেণুধৰ নেওগৰ আৱক্ষ মূৰ্তি কাৰ্যালয় ভৱনসহ ভূমিদাতা প্রসন্ন কেষাণ আৰু তেওঁলোকৰ পৰিয়ালৰ ধনেৰে নিৰ্মাণ কৰাই সাজু কৰি ৰাখিছে আৰু জিলা কার্যালয় গৃহটোৰ কিছু মেৰামতিৰ কাম তেওঁলোকে কৰি আছে। মেৰামতিৰ কাম শেষ হোৱাৰ পিছতে মূর্তি দুটা আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব বুলিও তেওঁ জনায়।
ইয়াৰ বাবে দাতা প্ৰসন্ন কেষাণ আৰু তেওঁলোকৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাখনত জিলা প্রতিনিধি তথা অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ডাঃ গিৰীশ সন্দিকৈ উপস্থিত থাকে আৰু নানা দিহা-পৰামৰ্শ প্ৰদান কৰে।
Comments