গুৱাহাটী,১৭ নৱেম্বৰ:চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে চলি থকা অসমৰ দীৰ্ঘদিনীয়া সীমা বিবাদ ক্ৰমাৎ যেন আগবাঢ়িছে নিষ্পত্তি হোৱাৰ দিশে৷ ইতিমধ্যে অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰামৰ সৈতে থকা অসমৰ সীমা সমস্যা সমাধানৰ বিষয়টোৱে এটা গতি লাভ কৰিছে ৷ উক্ত তিনিওখন ৰাজ্যৰ লগত যোৱা সময়চোৱাত মন্ত্ৰী পৰ্যায়তে হওক বা মুখ্যমন্ত্ৰী পৰ্যায়তে হওক, অসমৰ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্যক লৈ ইতিমধ্যে চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে আলোচনা কৰিবলৈ ভাগে ভাগে কেইবাখনো সমিতি গঠন কৰি দিছে ৷ সেই প্ৰক্ৰিয়াৰে অংশ স্বৰূপে আজি বিয়লি গুৱাহাটীত অনুষ্ঠিত হ'ব মিজোৰাম আৰু অসম চৰকাৰৰ মাজত আন এখন গুৰুত্বপূৰ্ণ বৈঠক ৷
অসম চৰকাৰৰ সীমান্ত অঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰাই কয় যে আজিৰ এই বৈঠকত ভাগ ল'বলৈ বুধবাৰেই গুৱাহাটীত আহি উপস্থিত হৈছে মিজোৰাম চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰী ক্ৰমে লালাচামলিয়ানা আৰু লালাৰুৱাটকিম ৷ উল্লেখ্য যে মিজোৰামৰ এই দুয়োগৰাকী মন্ত্ৰীৰ সৈতে সীমা সমস্যা সন্দৰ্ভত আজি বিয়লি আলোচনাত বহিব মন্ত্ৰী অতুল বৰা ৷ আনহাতে মেঘালয়ৰ সৈতে চলি থকা সীমা সমস্যা নিষ্পত্তি সন্দৰ্ভত অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ মাজত দ্বিতীয় পৰ্যায়ৰ বৈঠকখনো খুব সোনকালেই অনুষ্ঠিত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷
একেদৰে, অৰুণাচলৰ সৈতে চলি থকা আলোচনা ইতিমধ্যে ভালেখিনি আগবাঢ়িছে বুলি মন্তব্য কৰি মন্ত্ৰী বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে গঠন কৰি দিয়া মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱা নেতৃত্বাধীন সমিতি দুখনে অনাগত দিনত পুনৰ সীমা বিবাদ নিষ্পত্তিৰ বিষয়টোক লৈ অৰুণাচল প্ৰদেশৰ আঞ্চলিক সমিতি সমূহৰ সৈতে আলোচনাত মিলিত হ'ব ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰৰ দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতেও সীমা বিবাদক লৈ আইজলত আলোচনাত বহিছিল ৷
Comments