গুৱাহাটী,১৭ নৱেম্বৰ: কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা বনাম বিজেপিৰ ৰথ যাত্ৰা ৷ ভূপেন বৰাক দেখি গা উঠিল ভৱেশ কলিতাৰো ৷ ভাৰত জোড়োৰ যাত্ৰাৰ প্ৰভাৱ নিস্তেজ কৰাৰ চেষ্টা বিজেপিৰ ৷ ধুবুৰীৰ পৰাই বিজেপিয়ে উলিয়াব ৰথ যাত্ৰা ৷ ধুবুৰী পৰা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰি কংগ্ৰেছে গুৱাহাটী পোৱাৰ সময়তে বিজেপিয়ে বৃহস্পতিবাৰে ধুবুৰীত আৰম্ভ কৰিব ৰথ যাত্ৰা ৷ APCCৰ সভাপতি ভূপেন বৰাই শেহতীয়াকৈ ধুবুৰীৰ পৰা আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা ৷ বুধবাৰে আহি কংগ্ৰেছৰ এই যাত্ৰা সোমাইছেহি গুৱাহাটীত ৷ কংগ্ৰেছৰ দুৰ্দিনত লাভ কৰিছে কিছু সমাদৰো ৷
কংগ্ৰেছক যেন অনুসৰণ কৰি ৰাজ্যিক বিজেপিয়ে এইবাৰ উলিয়াইছে ৰথ যাত্ৰা ৷ এই যাত্ৰা আৰম্ভণি কৰিব ধুবুৰীৰ পৰাই ৷ য’ৰ পৰা প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা ৷ বিজেপিয়ে এই ৰথ যাত্ৰাৰ নাম দিছে 'গাঁও সম্পৰ্ক যাত্ৰা' ৷ কাইলৈ ১৭ নৱেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ অনূসুচিত মৰ্চাৰ উদ্যোগত ধুবুৰীৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰাজ্যৰ অনুসূচিত লোকক স্পৰ্শ কৰিব পৰাকৈ আৰম্ভ কৰিব ৰথ যাত্ৰা ৷
Comments