গুৱাহাটী,১৬ নৱেম্বৰ:বৰপেটাত জঘন্য ঘটনা । এগৰাকী বৃদ্ধৰ কামনাৰ বলি হ'ল এটি কন্যা শিশু । মাজদিয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লম্পট বৃদ্ধ । অভিযুক্ত বৃদ্ধগৰাকী সৰ্থেবাৰী থানাৰ অন্তৰ্গত চেংদি গাঁৱৰ ৬০ বছৰীয়া হুছেইন আলী বুলি জানিব পৰা গৈছে । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত মাজদিয়া আৰক্ষী চকীৰ এটা দলে অভিযান চলাই যৌন নিৰ্যাতনৰ অভিযুক্ত হুছেইন আলীক গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত এগৰাকী ৭ বছৰীয়া কন্যা শিশুক ফুচুলাই লম্পট হুছেইন আলীয়ে ঘৰলৈ মাতি নি মোবাইল দেখুৱাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছিল শিশুগৰাকীৰ পৰিয়ালে । পৰিয়ালৰ লোকে মাজদিয়া আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ । ভুক্তভোগী শিশুগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হুছেইন আলীৰ বিৰুদ্ধে সৰ্থেবাৰী থানাত ১৫১/২০২২ নম্বৰত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ।
Comments