গুৱাহাটী,১৭ নৱেম্বৰ:আজি জালুকবাৰীত শক্তি প্ৰদৰ্শন কৰিব প্ৰদেশ কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ সমষ্টিত আজি কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰা।ধুবুৰীৰ গোলকগঞ্জৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ এই যাত্ৰা আজি আহি মুখ্যমন্ত্ৰীৰ সমষ্টিত জালুকবাৰী পাব।এই যাত্ৰাত উপস্থিত থাকিব দলটোৰ বিভিন্ন নেতা–কৰ্মীসকল।জালুকবাৰীত কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাৰ শক্তি প্ৰদৰ্শন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি সম্পূৰ্ণ সাজু হৈছে।
জানিব পৰা মতে, এই যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাসহ দলটোৰ নেতা-কৰ্মীসকলে আজি পুৱা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি আগবঢ়াব।উল্লেখ্য যে, সমাধিক্ষেত্ৰৰ পাছতেই শুৱালকুছিত কেইবাটাও কাৰ্যসূচী সম্পন্ন কৰিব।
এই যাত্ৰাত জিতেন্দ্ৰ সিঙৰ লগতে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম টুকী তথা মণিপুৰৰ বিৰোধী নেতাইও ভাগ ল’ব বুলি জানিব পৰা গৈছে।আনহাতে গুৱাহাটী আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰইও কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাত অংশ ল’ব বুলি দলটোৱে জানিবলৈ দিছে।ইয়াৰোপৰি অৰুণাচল আৰু আন ৰাজ্যৰ ৬০ জন নেতাইও ভাগ ল’ব এই যাত্ৰাত।
Comments