Cartoon
View Older
গুৱাহাটী,১৭ নৱেম্বৰ:দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ জামিন মঞ্জুৰ।ধূলাৰ আৰতি তুৰি হত্যাকাণ্ডৰ তদন্তত গাফলতিৰ অভিযোগত পলাতক অৱস্থাত থকা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক যোৱা ১১ নৱেম্বৰত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল।আদালতৰ নিৰ্দেশত তেওঁক ন্যায়িক জিম্মালৈ পঠিওৱা হৈছিল আৰু আজি দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ জামিন আবেদন মঞ্জুৰ কৰে উচ্চ ন্যায়ালয়ে।
উল্লেখ্য, CIDৰ তৰফৰ পৰা বেইল অবজেকচন জমা দিয়া হৈছিল উচ্চ ন্যায়ালয়ত।তাত্পৰ্যপূৰ্ণ যে ধূলাৰ বনকৰা কিশোৰী আৰতি তুৰীৰ ধৰ্ষণ-হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়া এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।
Comments