গুৱাহাটী,১৬ নৱেম্বৰ:বসুন্ধৰা-২ৰ যোগেদি খিলঞ্জীয়া লোকক ভূমিৰ পট্টা দিয়া হ'ব বুলি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পাছতে জাঙুৰ খাই উঠিছে এ আই ইউ ডি এফ দল । বুধবাৰে দলটোৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত বিধায়ক আমিনুল ইছলামে কয় যে এতিয়াও খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ হোৱা নাই ।
তেনেস্থলত মুখ্যমন্ত্রীয়ে কিহৰ ভিত্তিত খিলঞ্জীয়াৰ বাহিৰে আন বেলেগক ভূমিৰ পট্টা দিয়া নহ'ব বুলি কৈছে ।মুখ্যমন্ত্রীয়ে নিজৰ খেয়াল-খুচি মতে এনে কাম কৰিব নোৱাৰে বুলি সদৰি কৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে সংবিধান উলংঘা কৰিছে । সংবিধানত ভাৰতীয় নাগৰিকৰ বাবে সম-অধিকাৰ দিয়া হৈছে । মুখ্যমন্ত্রীয়ে বিজেপিক ভোট দিয়াসকল খিলঞ্জীয়া বুলি ভাবিলে নহ'ব ।
তেওঁ মুখ্যমন্ত্রীক কটাক্ষ কৰি কয় যে মাটিৰ দালালৰাজ সম্পৰ্কে জ্ঞাত হোৱাৰ বাবেই হয়টো মুখ্যমন্ত্রীয়ে ফণী তালুকদাৰক নিজৰ দলত লৈ গৈছে ।আনহাতে তিনিটা প্ৰজন্মই বাস কৰা পৰিয়ালক ভূমিৰ পট্টা দিয়াৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বহুলোকে বহু প্ৰজন্ম ধৰি বাস কৰি আছে যদিও তেওঁলোকৰ ওচৰত কোনো প্ৰমাণ নাই । সেই লোকসকলৰ কি হ'ব বুলি তেওঁ প্ৰশ্ন কৰে । সেইদৰে খহনীয়াৰ কৱলত পৰি আন ঠাইত বসতি স্থাপন কৰা লোকসকলক বঞ্চিত হোৱাৰ কথাটো কোনো কাৰণতে সমৰ্থনযোগ্য হ'ব নোৱাৰে । এই বিষয়বোৰ চৰকাৰে বিবেচনা কৰিব লাগিব ।
Comments